৩ সপ্তাহ ধৰি নিৰ্বাপিত হোৱা নাই এমেজনৰ জুই, দক্ষিণ আমেৰিকাৰ ৯খন দেশৰ আকাশত বিষাক্ত ধোঁৱা
News18-Assam Updated:August 26, 2019, 11:59 AM IST

এই ভয়ংকৰ অগ্নিকাণ্ডক লৈ ব্ৰাজিলত ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থা।
এই ভয়ংকৰ অগ্নিকাণ্ডক লৈ ব্ৰাজিলত ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থা।
- News18 Assam
- Last Updated: August 26, 2019, 11:59 AM IST
জুইৰ পৰা নিৰ্বাপিত বিষাক্ত ধোঁৱাই ছানি ধৰিছে দক্ষিণ আমেৰিকাৰ ৯খন দেশৰ আকাশ। এই ধোঁৱাই ভয়ংকৰভাৱে প্ৰদূষিত কৰিছে পৰিৱেশ। নাছাৰ সূত্ৰ অনুসৰি, ২৮০০ বৰ্গ কিলোমিটাৰ ক্ষেত্ৰফল আৱৰি ধৰিছে বিষাক্ত ধোঁৱাই। এই জুই ইমানেই ভয়ংকৰভাৱে বৃদ্ধি পাইছে যে মহাকাশৰ পৰাও দৃশ্যমান হৈছে। নাছাই উপগ্ৰহৰ জৰিয়তে এই জুইৰ ফটোও সংগ্ৰহ কৰিছে।
উল্লেখযোগ্য যে জুলাইৰ পৰা অক্টোবৰ মাহৰ ভিতৰত খৰাং বতৰৰ বাবে ব্ৰাজিলৰ জংঘলত বনজুইৰ সূত্ৰপাত হোৱাটো স্বাভাৱিক কথা। প্ৰাকৃতিক কাৰণত সূত্ৰপাত হয় এই জুইৰ। লগতে কৃষক আৰু খৰিকটীয়াসকলেও অগ্নিসংযোগ কৰে অৰণ্যত। কিন্তু এইবাৰ কৃষক আৰু খৰিকটীয়াই মাটি চাফা কৰিবলৈ লগোৱা জুয়ে এই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সন্দেহ কৰা হৈছে।