Brain Eating Amoeba: কোৰোণা আছেই এইবাৰ USত ভয়াৱহ গতিত বিয়পিছে মগজু খোৱা এমিবা, বিজ্ঞানীৰ সকীয়নি

News18 Assam | News18-Assam
Updated:December 24, 2020, 4:19 PM IST
Brain Eating Amoeba: কোৰোণা আছেই এইবাৰ USত ভয়াৱহ গতিত বিয়পিছে মগজু খোৱা এমিবা, বিজ্ঞানীৰ সকীয়নি
Brain Eating Amoeba: মগজু কুটি কুটি খোৱা নেগলেৰিয়া ফাওলেৰী (Naegleria fowleri) এমিবা সাধাৰণতে হ্ৰদ, নদী আৰু সতেজ গৰম পানীৰ মাজত পোৱা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ(USA) ৰোগ নিয়ন্ত্ৰণ তথা প্ৰতিৰোধ কেন্দ্ৰৰ (CDC) মতে এই বেমাৰটো এতিয়া উত্তৰ আমেৰিকাৰ ৰাজ্যসমূহতো বিয়পি পৰা আৰম্ভ কৰিছে।

  • Share this:
ৱাশ্বিংটনঃ আমেৰিকাত কোৰোণা ভাইৰাছৰ (Coronavirus) সংকটৰ মাজতে এক নতুন ৰোগে দেখা দিয়া আৰম্ভ কৰিছে। মগজু খোৱা এমিবাৰ(Brain Eating Amoeba) কাৰণে আমেৰিকাত এইপৰ্যন্ত বহুকেইজনৰ মৃত্যু হৈছে। এই এমিবাৰ নাম নেগলেৰিয়া ফাওলেৰী। চিকিৎসকসকলে জানিবলৈ চেষ্টা কৰিছে যে এইটো ক’ৰ পৰা আহিছে।

সদ্যহতে, নেগলেৰিয়া ফাওলেৰি (Naegleria fowleri) এমিবা (Amoeba) আমেৰিকাৰ দক্ষিণ প্ৰান্তৰ ৰাজ্যসমূহত বিয়পি পৰিছে। জলবায়ু পৰিৱৰ্তনেই(Climate Change) ইয়াৰ সংক্ৰমণৰ মুখ্য কাৰণ আখ্যা দিয়া হৈছে। ৰিপ’ৰ্ট মতে, নেগলেৰিয়া ফাওলেৰি নামৰ এই ঘাতক এমিবাই (Brain Eating Amoeba) মগজু খাই পেলায়।

আমেৰিকাৰ (USA) ৰোগ নিয়ন্ত্ৰণ তথা প্ৰতিৰোধ কেন্দ্ৰৰ (CDC) মতে, এই ৰোগবিধ এতিয়া উত্তৰ আমেৰিকাৰ ৰাজ্যসমূহতো বিয়পি পৰা আৰম্ভ কৰিছে। বিজ্ঞানীসকলে ইয়াৰ কাৰণে সকীয়নি জাৰি কৰিছে। জানক যে নেগলেৰিয়া ফাওলেৰি এমিবা পানীৰ সৈতে সম্পৰ্কিত আৰু পানী আমাৰ জীৱনৰ গুৰুত্বপূৰ্ণ অংগ।

মগজু খাই পেলোৱা এই এমিবা (Brain Eating Amoeba) অৰ্থাৎ নেগলেৰিয়া ফাওলেৰি সাধাৰণ ধৰণে হ্ৰদ, নদী আৰু গৰম পানীৰ হ্ৰদ আৰু মাটি থকা গৰম সতেজ পানীত পোৱা যায়। এইটো এককোষী জীৱিত জীৱ হয়। ইয়াৰ সংক্ৰমণৰ বেমাৰ অতি ঘাতক হয় আৰু মৃত্যু নিশ্চিত হয়।

নেগলেৰিয়া ফাওলেৰিৰ সংক্ৰমণৰ মুখ্য লক্ষণ কি কি?

নেগলেৰিয়া ফাওলেৰিৰ সংক্ৰমণৰ মুখ্য লক্ষণৰ ভিতৰত প্ৰচণ্ড মূৰৰ বিষ, জ্বৰ আৰু বমি প্ৰধান। ইয়াৰ বাহিৰে ডিঙিৰ বিষ, প্ৰলাপ বকা, মানসিক বিকাৰগ্ৰস্ততা আৰু ক’মালৈ গুচি যোৱা দেখা যায়। বিজ্ঞানীসকলৰ মতে সঠিক সময়ত নেগলেৰিয়া ফাওলেৰিৰ ৰোগৰ বিষয়ে জানিলে সংক্ৰমিত ব্যক্তিৰ প্ৰাণ ৰক্ষা কৰিব পৰা যায়।
First published: December 24, 2020, 4:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading