সুখবৰ! টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন বক্সাৰ লাভলীনা বৰগোঁহাইৰ

News18 Assam | News18-Assam
Updated:March 9, 2020, 12:58 AM IST
সুখবৰ! টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন বক্সাৰ লাভলীনা বৰগোঁহাইৰ
টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনা তৃতীয়গৰাকী দেশৰ বক্সাৰ।

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনা তৃতীয়গৰাকী দেশৰ বক্সাৰ।

  • Share this:
টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন  বক্সাৰ লাভলীনা বৰগোঁহাইৰ। আগন্তুক অলিম্পিকৰ মহাৰণত দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰা অসমৰ লাভলীনা দেশৰ তৃতীয়গৰাকী বক্সাৰ। জুলাই আৰু আগষ্ট মাহত জাপানৰ টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক গেমছত লাভলীনাই প্ৰতিদ্বন্দ্বিতা কৰিব। অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনা অসমৰ পঞ্চমগৰাকী খেলুৱৈ।

জৰ্দানৰ ৰাজধানী আমানত অনুষ্ঠিত এছিয়ান জ’ন অলিম্পিক কোৱালিফায়াৰ্ছৰ ৬৯কেজিৰ কোৱাৰ্টাৰ ফাইনেলত উজবেকিস্তানৰ মেলিভাক পৰাস্ত কৰি লাভলীনাই টকিঅ’ অলিম্পিকৰ টিকট সুনিশ্চিত কৰে।

লাভলীনাৰ লগতে কমনৱেলথ গেমছৰ স্বৰ্ণ পদকজয়ী বক্সাৰ বিকাশ কৃষ্ণন আৰু পূজা ৰাণী টকিঅ’ অলিম্পিকৰ কাৰণে কোৱালিফাই হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি