உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • কাশ্মীৰ প্ৰসংগত এতিয়া সুৰ সলাইছে এইজন পাকিস্তানীয়ে

    কাশ্মীৰ প্ৰসংগত এতিয়া সুৰ সলাইছে এইজন পাকিস্তানীয়ে

    নিজৰ ইউটিউব চেনেলযোগে কাশ্মীৰ প্ৰসংগত উচতনিমূলক মন্তব্য নকৰিবলৈ আহ্বান জনাইছে সকলোকে

    নিজৰ ইউটিউব চেনেলযোগে কাশ্মীৰ প্ৰসংগত উচতনিমূলক মন্তব্য নকৰিবলৈ আহ্বান জনাইছে সকলোকে

    নিজৰ ইউটিউব চেনেলযোগে কাশ্মীৰ প্ৰসংগত উচতনিমূলক মন্তব্য নকৰিবলৈ আহ্বান জনাইছে সকলোকে

    • Share this:
      নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছতে তীব্ৰ প্ৰকাশ কৰিছিল পাকিস্তানে। সমালোচনা কৰিছিল পাকিস্তানৰ প্ৰাক্তন দ্ৰুতবেগী বলাৰ ছোৱেইব আখতাৰেও। আৰু এতিয়া সুৰ সলাইছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। নিজৰ ইউটিউব চেনেলযোগে কাশ্মীৰ প্ৰসংগত উচতনিমূলক মন্তব্য নকৰিবলৈ আহ্বান জনাইছে সকলোকে। ছোৱেইব আখতাৰে কয়– মই মানি লৈছো পৰিস্থিতি বিষম হৈ আছে আৰু মই এইটোও মানিছো যে আপোনালোকে নিজ দেশক ভাল পায় আৰু আমি আমাৰ দেশক, কিন্তু ঘৃণাৰ কাৰণ হ’ব নালাগে আমিবোৰ। কাশ্মীৰ প্ৰসংগত আমি এনে কোনো মন্তব্য কৰিব নালাগে যাৰ ফলত অধিক অৱনতি ঘটে পৰিস্থিতিৰ।

      পূৰ্বে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ছোৱেইব আখতাৰে
      কাশ্মীৰ প্ৰসংগত ইতিমধ্যে নিজ টুইটাৰ একাউণ্টৰত বিতৰ্কিত মন্তব্য কৰিছিল প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। ছোৱেইব আখতাৰে ১২ আগষ্টত এটি কণমানিৰ ছবি টুইট কৰিছিল যিটো কণমানিৰ চকুত আঘাতৰ চিন আছিল আৰু কাপোৰেৰে বন্ধা আছিল কণমানিটিৰ চকু। ফটোখনত কেপচন দিছিল আমি আপোনালোকৰ কাষত আছো, ঈদ মোবাৰক।



      কিয় সুৰ সলালে প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব আখতাৰে?
      দৰাচলতে যেতিয়া কাশ্মীৰ প্ৰসংগত ছোৱেইব আখতাৰে টুইট কৰিছিল তেতিয়া ছোৱেইব আখতাৰৰ ভাৰতীয় অনুৰাগীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল তেওঁৰ ইউটিউ‍ব চেনেলৰ পৰা আনছাবস্ক্ৰাইব কৰিব বুলি। উল্লেখ্য যে ইউটিউবত ছোৱেইব আখতাৰৰ ছাবস্ক্ৰাইবাৰ আছে ১.৫ মিলিয়ন। ইয়াৰ ভিতৰত ভাৰতীয় লোকেই অধিক।

      First published: