পাকিস্তানৰ নাইটিংগেল বুলি খ্যাত অসমত জন্মগ্ৰহণ কৰা নায়াৰা নুৰৰ এক স্বাস্থ্যজনিত কাৰণত পাকিস্তানৰ ব্যৱসায়িক ৰাজ্য কৰাচীত দেওবাৰে দেহৱসান হয়। জানিব পৰা মতে, বিগত কেইবাদিনো ধৰি কৰাচীত চিকিৎসাধীন হৈ আছিল ৭১ বছৰীয়া নায়াৰা নুৰ। ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে নায়াৰা নুৰে নিজৰ সুৰেৰে লাখ লাখ লোকৰ অনুৰাগীৰ হৃদয় জিনিবলৈ কৰিবলৈ সক্ষম হৈছিল।
তেখেতৰ ভতিজা ৰাজা জেইদিয়ে নিজৰ টুইটাৰ একাউণ্টত এটা পোষ্ট কৰি এই খবৰটো ৰাজহুৱা কৰে। ৰাজা জেইদিয়ে লিখে যে, ‘মই অত্যধিক দুখ মনেৰে নিজৰ মৰমৰ খুড়ী নায়াৰা নুৰৰ বিয়োগৰ কথা ঘোষণা কৰিছো।’
উল্লেখযোগ্য যে, নায়াৰা নুৰ পাকিস্তানী টিভি অনুষ্ঠান আৰু দেশখনৰ বিভিন্ন কনচাৰ্ট (সংগীতানুষ্ঠানত) লাইভ গজল গীত পৰিৱেশন কৰি প্ৰসিদ্ধ হৈছিল। বাল্যকালত নায়াৰা কনন দেৱী আৰু কমলাৰ ভজনৰ লগতে বেগম আখটাৰৰ গজল আৰু থুমৰিৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল বুলি কোৱা হয়।
নায়াৰা নুৰক ১৯৬৮ চনত লাহোৰৰ নেচনেল কলেজ অৱ আৰ্টছত বাৰ্ষিক নৈশভোজত বন্ধু আৰু শিক্ষকসকলৰ বাবে গান গাই থকা শুনি লাহোৰৰ ইছলামিয়া মহাবিদ্যালয়ত অধ্যাপক আছৰাৰ আহমেদৰ তেওঁক সংগীত জগতলৈ আনিছিল। তেখেতক বিশ্ববিদ্যালয়খনৰ ৰেডিঅ’ পাকিস্তান অনুষ্ঠানত গান গাবলৈ সুবিধা পাইছিল যি তেওঁৰ সংগীত জীৱনৰ আৰম্ভণি আছিল।
১৯৭১ চনত নায়াৰাই পাকিস্তানী দূৰদৰ্শন ধাৰাবাহিকত ৰাজহুৱা গীতৰ আত্মপ্ৰকাশ কৰে আৰু তাৰ পিছত ঘাৰানা (১৯৭৩) আৰু তানসেনৰ দৰে চলচ্চিত্ৰৰ সৈতে সংগীত জীৱনৰ পাতনি মেলে। তেতিয়াৰ পৰা তেওঁ গালিব আৰু ফৈজ আহমেদ ফৈজৰ দৰে বিখ্যাত কবিসকলৰ দ্বাৰা লিখা গজল গাবলৈ আৰম্ভ কৰে আৰু মেহেদী হাছান আৰু আহমেদ ৰুশ্দীৰ দৰে কিংবদন্তিৰ সৈতেও গীত প্ৰদৰ্শন কৰিব লয়।
তেখেতে পাকিস্তানী চিনেমাত এশতকৈয়ো অধিক গীত গায় আৰু নিজৰ সংগীত জীৱনত গজল, নজ্ম আৰু পাকিস্তানৰ ৰাষ্ট্ৰীয় সংগীতো গায়। ২০১২ চনত তেখেতে ৰাজহুৱাভাৱে নিজৰ সংগীত জীৱনৰ পৰা অৱসৰ লয়।
নায়াৰা নুৰৰ ভাৰত–পাকিস্তানৰ সম্পৰ্কৰ লগতে, উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ লগতো এটা ঘনিষ্ঠ সম্পৰ্ক আছে। তেখেতৰ জন্ম ৩ নবেম্বৰ, ১৯৫০ চনত গুৱাহাটীত হৈছিল। জানিব পৰা মতে তেখেতৰ পূৰ্বপুৰুষসকল ব্যৱসায়িক শ্ৰেণীৰ আছিল আৰু তেওঁৰ দেউতাক অল ইণ্ডিয়া মুছলিম লীগৰ সক্ৰীয় সদস্য আছিল।
এক তথ্য অনুসৰি, ১৯৪৭ চনৰ ভাৰত–পাকিস্তানৰ বিভাজনৰ আগতে পাকিস্তানৰ প্ৰতিষ্ঠাপক পিতৃ মহম্মদ আলী জিন্নাক অসম ভ্ৰমণৰ সময়ত নুৰৰ দেউতাকে আতিথ্য দিছিল। পিছত ১৯৫৮ চনত নায়াৰা নুৰে তেওঁৰ মাতৃ আৰু ভাতৃ-ভগ্নীৰ সৈতে ভাৰতৰ পৰা পাকিস্তানলৈ প্ৰব্ৰজন কৰে আৰু কৰাচীত স্থায়ীৰূপে বসতি কৰিবলৈ লয়। অৱশ্যে, তেওঁৰ দেউতাকৰ পৰিয়ালটোৰ সম্পত্তিৰ চোৱাচিতা কৰিবলৈ ১৯৯৩ চনলৈকে অসমতে বাস কৰিছিল।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 22, 2022, 11:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।