প্ৰধানমন্ত্ৰী মোদী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ মাজত হোৱা বৈঠকত ইণ্ডো-পেচিফিক অঞ্চলৰ পৰিস্থিতিৰ ওপৰত আলোচনা হ'ব পাৰে।
প্ৰধানমন্ত্ৰী মোদী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ মাজত হোৱা বৈঠকত ইণ্ডো-পেচিফিক অঞ্চলৰ পৰিস্থিতিৰ ওপৰত আলোচনা হ'ব পাৰে।
ভাৰত ভ্ৰমণলৈ আহি আহমেদাবাদত উপস্থিত হোৱা ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ প্ৰতি ভাৰতৰ সঁহাৰি সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰিছে। তেওঁ কয় যে ভাৰতে ইতিমধ্যে ইউক্ৰেইনত চলি থকা অত্যাচাৰ (Atrocities in Ukraine) সন্দৰ্ভত মাত মাতিছে। তেওঁ এই সন্দৰ্ভত ভাৰতে ইউক্ৰেইনৰ বুচাত ৰাছিয়াৰ সেনাৰ অত্যাচাৰক তীব্ৰ গৰিহণা দিছিল বুলি উল্লেখ কৰে।
বৰিছ জনছনে কয়- ''সকলোৱে জানে ভাৰত আৰু ৰাছিয়াৰ মাজত ঐতিহাসিক সম্পৰ্ক আছে। কিন্তু যোৱা কেইটামান দশকত ৰাছিয়া আৰু ব্ৰিটেইনৰ মাজৰ সম্পৰ্ক প্ৰায় সমাপ্ত হৈছে। কিন্তু আমি ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত চিন্তা কৰিব লাগিব আৰু মই এই বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিম।''
ইয়াৰ পূৰ্বে যোৱা মাৰ্চ মাহত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে (British PM Boris Johnson) প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ৰাছিয়া আৰু ইউক্ৰেইনৰ সামৰিক সংঘৰ্ষৰ বিষয়ে কথা পাতিছিল। এই বাৰ্তালাপতো প্ৰধানমন্ত্ৰী মোদীয়ে যুদ্ধ সমাপ্ত কৰি আলোচনা আৰু কূটনীতিৰ পথলৈ উভতি যাবলৈ আহ্বান জনাইছিল।
বৰিছ জনছনে বৃহস্পতিবাৰে তেওঁৰ দুদিনীয়া ভাৰত ভ্ৰমণসূচীত আহমেদাবাদত উপস্থিত হোৱাত তেওঁক স্বাগতম জনোৱাৰ বাবে এক বৃহৎ ৰোড শ্ব'ৰ আয়োজন কৰা হয়। জনছনে আহমেদাবাদৰ গান্ধী আশ্ৰমতো উপস্থিত হয়, ইয়াৰ উপৰি তেওঁ ব্যৱসায়ী গৌতম আদানিকো লগ কৰে। ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব। প্ৰধানমন্ত্ৰী মোদী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ মাজত হোৱা বৈঠকত ইণ্ডো-পেচিফিক অঞ্চলৰ পৰিস্থিতিৰ ওপৰত আলোচনা হ'ব পাৰে। কিয়নো চীনে ইণ্ডো-পেচিফিক অঞ্চলত ইয়াৰ প্ৰভাৱ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰা বিষয়টোৱে বিশ্বক চিন্তিত কৰি তুলিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|