মাৰ্গাৰেট এটউড আৰু বাৰ্ণাৰ্ডিন এভাৰিষ্টোলৈ যুটীয়াভাৱে ২০১৯ বৰ্ষৰ বুকাৰ পুৰস্কাৰ

এটউডে নিজৰ গ্ৰন্থ ‘দ্য হেণ্ডমেডছ টেল’ৰ ছিকুৱেল ‘দ্য টেষ্টামেণ্টছ’ৰ বাবে এই পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে এভাৰিষ্টোই উপন্যাস ‘গাৰ্ল, অ’মেন, আদাৰ’ৰ বাবে লাভ কৰে বুকাৰ পুৰস্কাৰ।

News18-Assam
Updated:October 16, 2019, 10:09 AM IST
মাৰ্গাৰেট এটউড আৰু বাৰ্ণাৰ্ডিন এভাৰিষ্টোলৈ যুটীয়াভাৱে ২০১৯ বৰ্ষৰ বুকাৰ পুৰস্কাৰ
Photo : indiatoday.in
News18-Assam
Updated: October 16, 2019, 10:09 AM IST
বুকাৰ এৱাৰ্ড ২০১৯ ঘোষণা। মাৰ্গাৰেট এটউড আৰু বাৰ্ণাৰ্ডিন এভাৰিষ্টোলৈ যুটীয়াভাৱে ২০১৯ বৰ্ষৰ বুকাৰ পুৰস্কাৰ আগবঢ়োৱা হৈছে। এয়া এক ঐতিহাসিক সিদ্ধান্ত, কিয়নো ১৯৯২ চনৰ পিছৰ পৰা যুটীয়াভাৱে এই বঁটা প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও পিটাৰ ফ্লৰেন্সৰ নেতৃত্বত ৫ জনীয়া জুৰীৰ দলে এই পৰম্পৰা ভংগ কৰে। বুকাৰ পেনেলে কোনো এগৰাকী বিজেতাক নিৰ্বাচন কৰিব নোৱাৰাত নিয়ম ভংগ কৰি যুটীয়াভাবে প্ৰদান কৰে এই পুৰস্কাৰ। এটউডে নিজৰ গ্ৰন্থ ‘দ্য হেণ্ডমেডছ টেল’ৰ ছিকুৱেল ‘দ্য টেষ্টামেণ্টছ’ৰ বাবে এই পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে এভাৰিষ্টোই উপন্যাস ‘গাৰ্ল, অ’মেন, আদাৰ’ৰ বাবে লাভ কৰে বুকাৰ পুৰস্কাৰ।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি