আফগানিস্তানৰ ৰাজধানী কাবুলত পুনৰবাৰ আক্ৰমণ হৈছে গুৰুদ্বাৰাত। গুৰুদ্বাৰাৰ মূল দুৱাৰৰ সমীপত এটা বোমা বিস্ফোৰণ হৈছে। হিন্দু আৰু শিখ সম্প্ৰদায়ৰ কোনো লোক নিৰাপদে আছে বুলি জানিব পৰা গৈছে।
উল্লেখ্য, এমাহ পূৰ্বেও কৰতা পৰৱন গুৰুদ্বাৰাত ইছলামিক ষ্টেটৰ সদস্যই আক্ৰমণ কৰিছিল। এই আক্ৰমণত কেইবাডজন শিখ আৰু তালিবানৰ সদস্য নিহত হোৱা বুলি দাবী কৰা হৈছিল (Bomb blast in Gurudwara Karte Parwan in Kabul)।
২০২১ চনৰ আগষ্ট মাহত তালিবানে বিশ বছৰৰ পিছত আফগানিস্তানৰ শাসন ক্ষমতা দখল কৰাৰ পিছত দেশখনত শিখ সম্প্ৰদায় আৰু অন্যান্য ধৰ্মীয় সংখ্যালঘুসকল হিংসাত্মক আক্ৰমণৰ লক্ষ্য হৈ পৰিছে।
A bomb explosion reported near the main gate of Gurudwara Karte Parwan in Kabul, Afghanistan. Members of Sikh and Hindu communities reported to be safe. Further details awaited: Puneet Singh Chandhok, President, Indian World Forum
উল্লেখ্য, যোৱা বছৰ তালিবানে কাবুল দখল কৰাৰ সময়ত আফগানিস্তানত হিন্দু আৰু শিখৰ সংখ্যা আছিল মাত্ৰ প্ৰায় ৬০০জন। কিন্তু এতিয়া এই লোকসকল তালিবান শাসকৰ বিৰোধী সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ পৰিছে।