உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Blast in Anarkali bazar: পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ, নিহত ৪ আহত ২৮

    Blast in Anarkali bazar: পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ, নিহত ৪ আহত ২৮

     সন্দেহ তেহৰিক-ই-তালিবানৰ ওপৰত কৰিছে চৰকাৰে।

    সন্দেহ তেহৰিক-ই-তালিবানৰ ওপৰত কৰিছে চৰকাৰে।

    সন্দেহ তেহৰিক-ই-তালিবানৰ ওপৰত কৰিছে চৰকাৰে।

    • Share this:
    পাকিস্তানত বৃহস্পতিবাৰে লাহোৰৰ আনাৰকলি বজাৰ অঞ্চলত (Lahore Anarkali Area Blast) বোমা বিস্ফোৰণত চাৰিজন লোক নিহত আৰু ২৮ জনৰো অধিক লোক আহত হয়। লাহোৰ আৰক্ষীৰ মুখপাত্ৰ ৰাণা আৰিফে আহত আৰু মৃত লোকৰ সংখ্যা নিশ্চিত কৰিছে৷ ঘটনাটোৰ পিছতে লাহোৰৰ উপায়ুক্ত ওমৰ শ্বেৰ চাথাই বোমা নিষ্ক্ৰিয় কৰা দলক অঞ্চলটোত মোতায়েন কৰিবলৈ আৰু সমগ্ৰ ঘটনাক লৈ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে৷

    আহতসকলক লাহোৰৰ ডিচিৰ নিৰ্দেশত মায়ো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। পঞ্জাৱৰ মুখ্যমন্ত্ৰী উছমান বুজদাৰে ঘটনাটোৰ বুজ লয় আৰু আৰক্ষী মহাপৰিদৰ্শকক এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। একে সময়তে, তেওঁ সকলো আহতক উন্নত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।

    এতিয়ালৈকে কোনেও ঘটনাটোৰ দায়িত্ব স্বীকাৰ কৰা নাই, কিন্তু  প্ৰথম সন্দেহ তেহৰিক-ই-তালিবানৰ ওপৰত কৰিছে চৰকাৰে। পাকিস্তান চৰকাৰ আৰু টিটিপিৰ মাজত যুদ্ধবিৰতি চুক্তি যোৱা মাহত সমাপ্ত হৈছিল।
    Published by:Gautam Barman
    First published: