চৰম মানৱীয় দুৰ্যোগৰ মাজতে আজি আফগানিস্তানৰ কাবুল বিমান বন্দৰত হয় বোমা বিস্ফোৰণ। খবৰ অনুসৰি বিমানবন্দৰৰ বাহিৰত সংঘটিত বিস্ফোৰণত এতিয়ালৈ হতাহতৰ সংখ্যা সম্পূৰ্ণকৈ জানিব পৰা হোৱা নাই যদিও ১৩ গৰাকী লোক নিহত বুলি নিশ্চিত কৰা হৈছে।
বিস্ফোৰণৰ খবৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগ পেন্টাগনেও নিশ্চিত কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সচিব জন কিৰ্বীয়ে কয়, "কাবুল বিমানবন্দৰৰ গেটত এটা ডাঙৰ বিস্ফোৰণ হৈছে, মৃত্যুৰ সংখ্যা এতিয়াও নিশ্চিত হোৱা নাই আৰু তথ্য পোৱাৰ লগে লগে উপলব্ধ কৰা হ'ব।'
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আক্ৰমণটো কাবুলৰ বেৰন হোটেলৰ ওচৰত সংঘটিত হৈছিল, য'ত ব্ৰিটিছ সৈন্য আৰু সাংবাদিকসকল আছে। ইয়াৰ আগতে কাবুল বিমানবন্দৰৰ পৰা উৰা মৰাৰ পিছত ইটালীৰ এখন সামৰিক বিমানৰ ওপৰত গুলীচালনা কৰা হৈছিল। অৱশ্যে, ঘটনাটোত বিমানখনৰ কোনো ক্ষতি হোৱা নাছিল।
উল্লেখ্য ঘটনা সংঘটিত হোৱাৰ মাত্ৰ কেইঘণ্টামান আগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে কাবুল বিমানবন্দৰত সন্ত্ৰাসবাদী আক্ৰমণৰ শংকা প্ৰকাশ কৰিছিল। সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটৰ সমৰ্থনপুষ্ট আইএছআইএছকে (ISIS-K) নামৰ সন্ত্ৰাসবাদী শংগঠনে এই বিস্ফোৰণ সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।
তালিবানে কাবুল দখল কৰাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ, ইটালীকে ধৰি বহুতো দেশে ইয়াৰ নাগৰিকসকলক স্থানান্তৰ কৰাত নিয়োজিত হৈ আছে। এই উদ্দেশ্যে সেনাৰ বিমানো ব্যৱহাৰ কৰা হৈছে। ভাৰতেও ইয়াৰ নাগৰিকসকলৰ উপৰি হিন্দু আৰু শিখ আফগান নাগৰিকসকলক স্থানান্তৰ কৰাত নিয়োজিত হৈ আছে। এই অভিযানৰ নাম 'দেৱী শক্তি' ৰখা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|