যদি আপুনি চিনেমা চাই ভাল পায় আৰু চিনেমা চাবলৈ ছবিগৃহলৈ যায় তেন্তে আপোনাৰ বাবে এইটো এটা সুখবৰ। বৰ্তমানলৈ আপুনি ছবিগৃহত চকীত বহি পপকৰ্ণ খায় চিনেমা উপভোগ কৰি আহিছে। কিন্তু যদি আপুনি ছবিগৃহত চকীৰ সলনি বিছনাত শুই চিনেমা উপভোগ কৰিব পাৰে? এয়া যদি সঁচা হয় তেন্তে চিনেমা উপভোগ কৰাৰ মজা আৰু দুগুণ বৃদ্ধি হ’ব।
ছুইজাৰলেণ্ডত এটা ছবিগৃহত এই থীম উদ্ভাৱন কৰা হৈছে। চহৰখনত কিছুদিন পূৰ্বে আৰম্ভ হোৱা এটা ছবিগৃহত দৰ্শকৰ বাবে চকীৰ সলনি বিছনা ৰখা হৈছে। ইয়াৰ পিছত দৰ্শকে এই নতুন অভিজ্ঞতা যথেষ্ট পচন্দ কৰিছে।
আপোনালোকক জনাও যে কেৱল ছুইজাৰলেণ্ডতে নহয় ভাৰততো এই উপায় অৱলম্বন কৰা হ’ব। শীঘ্ৰে আপুনিও ছবিগৃহত চকীৰ সলনি বিছনাত শুই চিনেমাৰ উপভোগ কৰিব পাৰিব। এই ছবিগৃহসমূহক শ্লিপিং ছবিগৃহ ৰূপে নামাকৰণ কৰা হৈছে।
![]()
ছুইজাৰলেণ্ডৰ এই শ্লিপিং থিয়েটাৰত এখন ছবিৰ টিকট প্ৰায় ৪৯ ফ্ৰেংক। অৰ্থাৎ ভাৰতীয় মূল্য অনুসৰি টিকটৰ মূল্য হ’ব ৩ হাজাৰ ৩৮৭ টকা। এই খৰচতে আপুনি খোৱা–বস্তুৰ সুবিধাও লাভ কৰিব। বৰ্তমানলৈ ভাৰতত টিকটৰ মূল্য কিমান হ’ব প্ৰকাশ কৰা নাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|