অভিনেত্ৰী ছোনম কাপুৰৰ সৈতে লণ্ডনত কেব ড্ৰাইভাৰে এনেকুৱা কাণ্ড কৰিলে যে তেওঁ অতি আতংকিত হৈ পৰিল। টুইটাৰত নিজৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিলে অভিনেত্ৰীগৰাকীয়ে। নিজৰ স্বামী আনন্দ আহুজাৰ সৈতে ভেকেশ্যনত যোৱা ছোনম কাপুৰে বিভিন্ন ফটো আদি ছচিয়েল মিডিয়াত আপলোড কৰি থাকে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে টুইটাৰত প্ৰকাশ কৰা এক বিশেষ অভিজ্ঞতা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই অভিজ্ঞতা সুখকৰ নহয়। অভিনেত্ৰীগৰাকীয়ে এই অভিজ্ঞতা প্ৰকাশ কৰি সকলোকে সাৱধান হৈ থকাৰ আহ্বান জনায়।
Hey guys I’ve had the scariest experience with @Uber london. Please please be careful. The best and safest is just to use the local public transportation or cabs. I’m super shaken.