உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Breaking News: চীনত বিমান দুৰ্ঘটনাগ্ৰস্ত, ১৩৩গৰাকী যাত্ৰী আছিল বিমানখনত...

    Breaking News: চীনত বিমান দুৰ্ঘটনাগ্ৰস্ত, ১৩৩গৰাকী যাত্ৰী আছিল বিমানখনত...

    এই দুৰ্ঘটনাৰ ফলত পাহাৰত অগ্নিকাণ্ড হয়।

    এই দুৰ্ঘটনাৰ ফলত পাহাৰত অগ্নিকাণ্ড হয়।

    এই দুৰ্ঘটনাৰ ফলত পাহাৰত অগ্নিকাণ্ড হয়।

    • Share this:
    চীনত বিমান দুৰ্ঘটনাগ্ৰস্ত। দেশখনৰ স্থানীয় সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি ১৩৩গৰাকী যাত্ৰী কঢ়িয়াই নিয়া বয়িং ৭৩৭ এয়াৰক্ৰাফটখন দুৰ্ঘটনাগ্ৰস্ত হৈছে। ব'য়িং ৭৩৭ বিমানখন গুয়াংঝৌৰ ওচৰৰ গ্ৰাম্য অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে (Boeing 737 plane crashed in China)।

    এই দুৰ্ঘটনাৰ ফলত পাহাৰত অগ্নিকাণ্ড হয়। উদ্ধাৰকাৰী দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছে। চীনা সংবাদ মাধ্যমৰ মতে, ঘটনাটো দক্ষিণ চীন সাগৰত সংঘটিত হৈছিল। দুৰ্ঘটনাটোত কিমান জন লোকে প্ৰাণ হেৰুৱাইছিল বা কিমান জন আহত হৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

    স্থানীয় সংবাদ মাধ্যমৰ মতে, সোমবাৰে দুপৰীয়া ১ বজাৰ পিছত কুনমিং চহৰৰ পৰা উৰা মাৰি চীন ইষ্টাৰ্ণ ফ্লাইট এমইউ৫৭৩৫ গুয়াংঝৌত নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱা নাছিল।





    দৃশ্যটোৰ কিছুমান ভিডিঅ' সোমবাৰে নেটত ভাইৰেল হৈছিল। ইয়াৰ সত্যতা পৰীক্ষা কৰিব পৰা হোৱা নাই যদিও ভিডিঅ'ত দেখা গৈছে যে পৰ্বতৰ সেই অঞ্চলৰ পৰা এটা ডাঠ ধোঁৱা ওলাই আহিছে।
    Published by:Gautam Barman
    First published: