কবৰৰ পৰা খান্দি উলিয়ালে ৯০ বছৰীয়া বৃদ্ধৰ মৃতদেহ, তাৰ পিছত কাটিলে ডিঙি

কোনো তান্ত্ৰিকে তন্ত্ৰ–মন্ত্ৰ আৰু তন্ত্ৰ সাধনাৰ বাবে এই কাণ্ড কৰা বুলি সন্দেহ কৰা হৈছে।

news18assam
Updated:June 20, 2019, 12:15 PM IST
কবৰৰ পৰা খান্দি উলিয়ালে ৯০ বছৰীয়া বৃদ্ধৰ মৃতদেহ, তাৰ পিছত কাটিলে ডিঙি
কোনো তান্ত্ৰিকে তন্ত্ৰ–মন্ত্ৰ আৰু তন্ত্ৰ সাধনাৰ বাবে এই কাণ্ড কৰা বুলি সন্দেহ কৰা হৈছে।
news18assam
Updated: June 20, 2019, 12:15 PM IST
হাৰিয়াণাৰ বল্লভগড়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী বৃদ্ধৰ মৃতদেহ কবৰৰ পৰা উলিয়াই ডিঙি কাটিলে দুৰ্বৃত্তই। বুধবাৰে সংঘটিত এই ঘটনাৰ পিছতে অঞ্চলটোত বিৰাজ কৰিছে উত্তেজনা। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে। কোনো তান্ত্ৰিকে তন্ত্ৰ–মন্ত্ৰ আৰু তন্ত্ৰ সাধনাৰ বাবে এই কাণ্ড কৰা বুলি সন্দেহ কৰা হৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি, বাবু খান নামৰ ৯০ বছৰীয়া লোকজনৰ ১৩ জুনত মৃত্যু হৈছিল। ছেক্টৰ ৬৪ৰ কবৰস্থানত কবৰস্থ কৰা হৈছিল মৃতদেহ। বৃহস্পতিবাৰে পুৱা চন্দা নামৰ এজন যুৱক কবৰস্থানলৈ যোৱাৰ সময়ত বাবু খানৰ কবৰটো খন্দা অৱস্থাত প্ৰত্যক্ষ কৰে। যুৱকজনে বাবু খানৰ পৰিয়ালক এই কথা অৱগত কৰে। তাৰ পিছতে পৰিয়াল আৰু স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয়। বাবু খানৰ কবৰৰ সমীপত উদ্ধাৰ হৈছে কাচৰ টুকুৰা। আৰক্ষীয়েও এই ঘটনাত কোনো তান্ত্ৰিকৰ হাত থকাৰ সন্দেহ কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি