আফগানিস্তানৰ ৰাষ্ট্ৰপতি আছৰাফ গণিৰ সমাৱেশত আত্মঘাতী আক্ৰমণ। এই আক্ৰমণত এইপৰ্যন্ত ২৪জন লোকৰ মৃত্যু হৈছে। ৩০জনতকৈ অধিক লোক আঘাতপ্ৰাপ্ত হৈছে এই বিস্ফোৰণত। TOLO NEWSৰ মতে, এতিয়ালৈ কোনো সংগঠনে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই। এজন চৰকাৰী মুখপাত্ৰৰ মতে, এয়া এক IED বিস্ফোৰণ আছিল। সমাৱেশৰ প্ৰৱেশ দ্বাৰত সংঘটিত হয় এই ভয়ংকৰ বিস্ফোৰণ।
বিস্ফোৰণৰ সময়ত ৰাষ্ট্ৰপতি আছৰাফ গণিও সমাৱেশত উপস্থিত আছিল। কিন্তু ৰাষ্ট্ৰপতিগৰাকী সম্পূৰ্ণ সুৰক্ষিত। মৃত্যু হোৱা অধিকাংশই তাৰ স্থানীয় বাসিন্দা। সমাৱেশত উপস্থিত আছিল মহিলা আৰু বহু শিশুও। উল্লেখযোগ্য যে চলিত মাহতে আফগানিস্তানত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন।