মালিকৰ সুৰাত ক'ৰনা ৰোগীৰ লেলাতি মিলাই হত্যাৰ চেষ্টাৰ অভিযোগ উত্থাপন হৈছে আদানাৰ এগৰাকী গাড়ী চেলছমেনৰ বিৰুদ্ধে। ঘটনাটো তুৰ্কীৰ। ৰামাজান চিমেন বুলি চিনাক্ত কৰা চেলচমেনজনক তেওঁৰ মালিক ইব্ৰাহিম আনভাৰ্ডি আৰু তেওঁৰ পত্নীক হত্যা কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি অভিযুক্ত লোকজনে দক্ষিণ-পূব তুৰ্কীৰ আদানাস্থিত ডিলাৰশ্বিপত কাম কৰিছিল। চেলছমেনজনে ডিলাৰশ্বিটোৰ স্বত্বাধিকাৰী উনভাৰ্ডিৰ পৰা ২১,৪১০ পাউণ্ড চুৰি কৰিবলৈ চেষ্টা কৰি ধৰা পৰিছিল।
এজন গাড়ী ৰ চেলচমেনজনে তেওঁৰ মালিকৰ পানীয়ত ক'ৰোনা আক্ৰান্ত ৰোগীৰ লেলাৱতি মিলাই তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে জানিব দিছে। চেলচমেনজনে তেওঁৰ মালিক ইব্ৰাহিম আনভাৰ্ডি আৰু তেওঁৰ পত্নীক হত্যা কৰিবলৈ চেষ্টা কৰিছিল।
ৰামাজান চিমেন বুলি চিনাক্ত কৰা চেলচমেনজনক তেওঁৰ
"প্ৰথমবাৰৰ বাবে মই এনে এক উদ্ভট হত্যা কৌশলৰ কথা শুনিছোঁ। ঈশ্বৰক ধন্যবাদ মই অসুস্থ হোৱা নাছিলো।" ইব্ৰাহিম আনডাৰ্ভিয়ে এনেদৰে মন্তব্য কৰে।
অভিযুক্ত চেলছমেনজনে ইমানতে ক্ষান্ত নাথাকি তেওঁৰ গৰাকীক হত্যাৰ ভাবুকি দিছিল। ইয়াৰ পিছতেই আৰক্ষীয়ে ইব্ৰাহিম আনডাৰ্ভি আৰু তেওঁৰ পৰিয়ালক আনুষ্ঠানিকভাৱে সুৰক্ষা প্ৰদান কৰে।
ইব্ৰাহিমৰ পত্নীয়ে এই বিষয়ত কয় যে পৰিস্থিতি ইমানেই বিপদজনক হৈছিল যে আমি এতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাব ভয় কৰা হ'লো। আমি আমাৰ সন্তানৰ লগতে পৰিয়ালৰ আন সদস্যসকলৰ বাবে যথেষ্ট চিন্তিত। আমি আমাৰ নিজৰ ঘৰত কাৰাগাৰত থকা যেন অনুভৱ হৈছে। মই ন্যায়ৰ ওপৰত বিশ্বাস কৰোঁ আৰু মই বিচাৰো যে এই মানুহজনে প্ৰয়োজনীয় শাস্তি লাভ কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|