আচৰিত! খুড়াকৰ কংকালেৰে বৈদ্যুতিক গীটাৰ নিৰ্মাণ কৰিলে যুৱকে

দৰাচলতে খুড়াকৰ কংকাল চিকিত্সা মহাবিদ্যালয়ত পৰীক্ষাৰ বাবে দান কৰা হৈছিল আৰু বহু মেডিকেল শিক্ষাৰ্থীয়ে বহু বছৰৰ বাবে চলাইছিল পৰীক্ষা।
দৰাচলতে খুড়াকৰ কংকাল চিকিত্সা মহাবিদ্যালয়ত পৰীক্ষাৰ বাবে দান কৰা হৈছিল আৰু বহু মেডিকেল শিক্ষাৰ্থীয়ে বহু বছৰৰ বাবে চলাইছিল পৰীক্ষা।
- News18 Assam
- Last Updated: February 11, 2021, 4:42 PM IST
কিয়নো এই বাদ্যযন্ত্ৰ বিধৰ সৈতে জড়িত হৈ আছে সংগীতজ্ঞগৰাকীৰ মৃত খুড়াক। আপুনি শুনি আচৰিত হ'ব প্ৰিন্স মিডনাইটে (Prince Midnight) নিজৰ খুড়াকৰ কংকাল ব্যৱহাৰ কৰি নিৰ্মাণ কৰিলে এখন গীটাৰ।
যেতিয়া খুড়াকৰ মৃত্যু হৈছিল তেতিয়া তেওঁক সমাধিস্থ কৰাৰ পৰিৱৰ্তে প্ৰিন্স মিডনাইটে (Prince Midnight) তেওঁৰ কংকালৰ পৰা এটা ভাল বৈদ্যুতিক গীটাৰ সঁজাৰ কথা চিন্তা কৰিছিল | এয়াই নহয়, প্ৰিন্সে নিজৰ এটা ভিডিও ইউটিউবত আপলোড কৰিছে য'ত তেওঁক এই বিশেষ গীটাৰখন বজাই থকা দেখিবলৈ পোৱা গৈছে।
সংগীতজ্ঞজনে কংকালক আধাৰ হিচাপে ব্যৱহাৰ কৰিছিল আৰু ইয়াক বৈদ্যুতিক গীটাৰলৈ ৰূপান্তৰ কৰিবলৈ স্ট্ৰিং, ভলিউম নব, গীটাৰৰ ফ্ৰেম, এটা জেক, পিকআপ, আৰু ইলেক্ট্ৰনিক বোৰ্ড আদি লগাইছিল।
মেটেল চ'ক্সৰ সৈতে হোৱা এক সাক্ষাৎকাৰত, সংগীতজ্ঞজনে তেওঁৰ অদ্ভুত সৃষ্টিৰ আঁৰৰ ধাৰণা ব্যাখ্যা কৰিছিল ।
" মই খুড়াৰ কংকালক গীটাৰলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লৈছিলো, যিটো প্ৰত্যাহ্বানজনক হিচাপে প্ৰমাণিত হৈছিল। মই বহু গৱেষণা কৰিবলগীয়া হৈছিল কিয়নো কোনেও পূৰ্বে কেতিয়াও কংকালৰ পৰা গীটাৰ নিৰ্মাণ কৰা নাই। যি হওক, এই কাম কৰি মই অতি গৌৰৱান্বিত। যাৰ দ্বাৰা মোৰ খউড়াক মই মোৰ কামৰ মাজেৰে স্পৰ্শ কৰি থাকিব পাৰিছো।'