உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Viral | Bizarre Alien: আন গ্ৰহৰ প্ৰাণী! এক অদ্ভুত আকৃতিৰ প্ৰাণীক লৈ তুমুল চৰ্চা, চিনিব পাৰিছেনে আপুনি?

    Viral | Bizarre Alien: আন গ্ৰহৰ প্ৰাণী! এক অদ্ভুত আকৃতিৰ প্ৰাণীক লৈ তুমুল চৰ্চা, চিনিব পাৰিছেনে আপুনি?

    বহুতে ধাৰণা কৰিছে যে এয়া হ’ব পাৰে আন কোনো সামুদ্ৰিক প্ৰাণী। কিন্তু অধিকসংখ্যক ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ইয়াক আন গ্ৰহৰ প্ৰাণী বুলিয়ে মন্তব্য কৰিছে।

    বহুতে ধাৰণা কৰিছে যে এয়া হ’ব পাৰে আন কোনো সামুদ্ৰিক প্ৰাণী। কিন্তু অধিকসংখ্যক ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ইয়াক আন গ্ৰহৰ প্ৰাণী বুলিয়ে মন্তব্য কৰিছে।

    বহুতে ধাৰণা কৰিছে যে এয়া হ’ব পাৰে আন কোনো সামুদ্ৰিক প্ৰাণী। কিন্তু অধিকসংখ্যক ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ইয়াক আন গ্ৰহৰ প্ৰাণী বুলিয়ে মন্তব্য কৰিছে।

    • Share this:
    ছিডনীত ৰাজপথত পৰি থকা অৱস্থাত দেখা গ’ল এক অদ্ভুত আকৃতিৰ প্ৰাণী। সামাজিক মাধ্যমৰ লগতে এই অদ্ভুত প্ৰাণীক লৈ এতিয়া আগ্ৰহ আৰু কৌতুহলৰ সৃষ্টি হৈছে বায়’লজিষ্ট আৰু গৱেষকসকলৰ মাজতো (Sydney Alien)।

    প্ৰাতঃভ্ৰমণৰ সময়ত এই প্ৰাণীটো প্ৰত্যক্ষ কৰে হেৰী হায়েছ নামৰ এজন লোকে। প্ৰাণীটো প্ৰত্যক্ষ কৰা লোকজনে কয়, ‘‘মোৰ ধাৰণা এয়া কোনো ভ্ৰুণ। কিন্তু কোভিড মহামাৰী, যুদ্ধ আৰু সাম্প্ৰতিক বৰ্ষাত ইয়াক এলিয়েন বা আন গ্ৰহৰ প্ৰাণী বুলিও ধাৰণা হয়।’’ ইনষ্টাগ্ৰামত তেওঁ এটা ভিডিঅ’ পোষ্ট কৰিছে। তাৰ পৰাই টুইটাৰসহ আন সামাজিক মাধ্যমত ভিডিঅ’টো বিয়পি পৰিছে। ভিডিঅ’ দেখা গৈছে, তেওঁ এডাল মাৰিৰে প্ৰাণীটো লৰাবলৈ চেষ্টা কৰি ব্যৰ্থ হৈছে।








    View this post on Instagram






    A post shared by @_harryhayes






    জনপ্ৰিয় অষ্ট্ৰেলিয়ান ইউটিউবাৰ লিল অহেনকানে এই প্ৰাণীটোৰ ফটো সামাজিক মাধ্যমত পোষ্ট কৰাৰ পিছতে সেয়া ভাইৰেল হৈ পৰে। নেটিজেনসকলে ইয়াক আন গ্ৰহৰ প্ৰাণী বা এলিয়েন বুলি মন্তব্য কৰিছে। কোনো কোনো লোকৰ ধাৰণা, এয়া হাঙ্গৰৰ ভ্ৰুণ। বহুতে ধাৰণা কৰিছে যে এয়া হ’ব পাৰে আন কোনো সামুদ্ৰিক প্ৰাণী। কিন্তু অধিকসংখ্যক ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ইয়াক আন গ্ৰহৰ প্ৰাণী বুলিয়ে মন্তব্য কৰিছে।

    বায়’লজিষ্টসকলেও এয়া কি প্ৰাণী তাৰ কোনো উত্তৰ পোৱা নাই। প্ৰাণীবিদ এলি এলিছাই ইনষ্টাগ্ৰামত ইয়াৰ ফটো ৰিপোষ্ট কৰিছে। জানিব বিচাৰিছে প্ৰাণীটোৰ পৰিচয়। তেওঁৰো  ধাৰণা, এয়া কোনো প্ৰাণীৰ ভ্ৰুণ। কিন্তু নিশ্চিত হ’ব পৰা নাই। এই প্ৰাণীটোৰ পৰিচয়ক লৈ এতিয়া ছচিয়েল মিডিয়াত তুমুল চৰ্চা হৈছে।
    Published by:Sanjay Kumar Das
    First published: