• Home
  • »
  • News
  • »
  • world
  • »
  • Bishal Changmai Wins Gold : বিশ্ব আৰ্চাৰীত চমক অসমৰ বিশাল চাংমাইৰ। যুৱ শাখাত দুটা স্বৰ্ণ পদক জয়।

Bishal Changmai Wins Gold : বিশ্ব আৰ্চাৰীত চমক অসমৰ বিশাল চাংমাইৰ। যুৱ শাখাত দুটা স্বৰ্ণ পদক জয়।

ৰিকাৰ্ভ কেডেটৰ টীম ইভেণ্ট আৰু কেডেট শাখাৰ মিক্স টীমৰ খেলত অসমৰ বিশাল চাংমাইয়ে স্বৰ্ণ জয় কৰে।

ৰিকাৰ্ভ কেডেটৰ টীম ইভেণ্ট আৰু কেডেট শাখাৰ মিক্স টীমৰ খেলত অসমৰ বিশাল চাংমাইয়ে স্বৰ্ণ জয় কৰে।

ৰিকাৰ্ভ কেডেটৰ টীম ইভেণ্ট আৰু কেডেট শাখাৰ মিক্স টীমৰ খেলত অসমৰ বিশাল চাংমাইয়ে স্বৰ্ণ জয় কৰে।

  • Share this:
লাভলীনা বৰগোহাঁইৰ সফলতাৰ আনন্দৰ মাজতেই অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ আন এটা সুখবৰ কঢ়িয়াই আনিলে বোকাখাতৰ যুৱ আৰ্চাৰ বিশাল চাংমাইয়ে। পোলেণ্ডত চলি থকা বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বীপৰ যুৱ শাখাত দুটা স্বৰ্ণপদক জয় কৰি বিশাল চাংমাইয়ে বিশ্ববাসীৰ সন্মুখত পুনৰবাৰ প্ৰমাণ কৰিলে যে অসমত আছে ক্ৰীড়াৰ অফুৰন্ত সম্ভাৱনা।

বোকাখাতৰ সুযোগ্য সন্তান বিশাল চাংমাই পোলেণ্ডত অনুষ্ঠিত বিশ্ব আৰ্চাৰীৰ যুৱ শাখাৰ ৰিকাৰ্ভ কেডেটৰ টীম ইভেণ্টত অমিত আৰু বিকিৰ সৈতে লগ হৈ ফ্ৰান্স দলক ৫-৩ পইণ্টত পৰাস্ত কৰি স্বৰ্ণপদক জয় কৰে। কেৱল সেয়ে নহয় বিশ্ব আৰ্চাৰীৰ কেডেট শাখাৰ মিক্স টীমৰ ফাইনেল খেলত অসমৰ বিশাল চাংমাইয়ে তামান্নাৰ সৈতে যুটী বান্ধি ফ্ৰান্সক ৬-২ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ দ্বিতীয়টো স্বৰ্ণপদক জয় কৰে।

বিশালৰ সফলতাত উৎফুল্লিত অসম আৰ্চাৰী সন্থাৰ প্ৰাক্তন সভাপতি জয়ন্ত বড়ো। জয়ন্ত বড়োৱে বিশাল চাংমাইক অভিনন্দন জনাই কয় যে তেওঁ পেৰিছ অলিম্পিকত ভাৰতীয় দলৰ হৈ সফল হোৱাৰ পূৰ্ণ সম্ভৱনা আছে। বিশাল চাংমাইক অভিনন্দন জনাইছে স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰায়ো।
Published by:Manjumoni Borah
First published: