• Home
  • »
  • News
  • »
  • world
  • »
  • ভাৰত–নেপাল সীমান্তত উত্তেজনা, নেপাল আৰক্ষীৰ ধাৰাষাৰ গুলীবৰ্ষণত এজন ভাৰতীয়ৰ মৃত্যু, আন কেইবাজনো গুলীবিদ্ধ

ভাৰত–নেপাল সীমান্তত উত্তেজনা, নেপাল আৰক্ষীৰ ধাৰাষাৰ গুলীবৰ্ষণত এজন ভাৰতীয়ৰ মৃত্যু, আন কেইবাজনো গুলীবিদ্ধ

নতুন মেপত নেপালে ভাৰতৰ বহু অংশ দাবী কৰাৰ পিছতে পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈছিল।

নতুন মেপত নেপালে ভাৰতৰ বহু অংশ দাবী কৰাৰ পিছতে পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈছিল।

নতুন মেপত নেপালে ভাৰতৰ বহু অংশ দাবী কৰাৰ পিছতে পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈছিল।

  • Share this:
ভাৰত–নেপালৰ মাজত বিবাদপূৰ্ণ পৰিস্থিতিৰ মাজতে শুকুৰবাৰে বিহাৰৰ সৈতে সংলগ্ন সীমান্তত নেপালী আৰক্ষীৰ দ্বাৰা গুলীচালনাত এজন ভাৰতীয়ৰ মৃত্যু হয়। আন কেইবাজনো গুলীবিদ্ধ হোৱাৰ বাতৰি। দুয়োফালৰ পৰা নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে আৰু পৰিস্থিতি অতি উত্তেজনাপূৰ্ণ। কি কাৰণে গুলীচালনা হ’ল সেয়া জানিব পৰা হোৱা নাই।

বিহাৰৰ সীতামঢ়ি জিলাৰ অন্তৰ্গত সোনবৰসা থানা ক্ষেত্ৰতৰ পিপৰা পৰসাইন পঞ্চায়তৰ লালবন্দী–জানকী নগৰ সীমাত সংঘটিত হৈছে এই ঘটনা। নেপালী আৰক্ষীৰ ধাৰাষাৰ গুলীবৰ্ষণত জানকী নগৰৰ ২৫বছৰীয়া বিকেশ কুমাৰৰ মৃত্যু হয়। আনহাতে আন দুজন গুলীবিদ্ধ হয়। গুৰুতৰভাৱে আহত অৱস্থাত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

অভিযোগ মতে নেপালী পুলিচে গাঁৱখনৰ এজন যুৱক লগন ৰায়ক নিজৰ জিম্মাত ৰাখিছে। মৃতকৰ পিতৃ নাগেশ্বৰ ৰায়ে একাংশ সংবাদমাধ্যমত প্ৰকাশ কৰা মতে, তেওঁলোকৰ মাটি নেপালৰ নাৰায়নপুৰত আছে আৰু তাতে পুত্ৰই খেতিৰ কাম কৰি থাকোতে এই গুলীচালনা হয়।

নতুন মেপে ভাৰত–নেপালৰ সম্বন্ধ বেয়া কৰিছিল

এই নতুন মেপত নেপালে ভাৰতৰ মুঠ ৩৯৫ বৰ্গকিলোমিটাৰ এলেকা নিজৰ দখলত ৰখাটো দেখুৱাইছিল। কালাপানীৰ ৬০বৰ্গকিলোমিটাৰ আৰু লিম্পিয়াধুৰাৰ ৩৯৫ বৰ্গকিলোমিটাৰ এলেকা নিজৰ বুলি দাবী কৰিছিল নেপালে। নেপালৰ কেবিনেটে এই মেপখন মঞ্জুৰ কৰাৰ পিছতে ভাৰতৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিছিল।
First published: