• Home
  • »
  • News
  • »
  • world
  • »
  • ভাৰতৰ বিৰুদ্ধে জনমত গঠন কৰিবলৈ গৈ ৰাষ্ট্ৰসংঘত মুখ থেকেচা খালে চীন–পাকিস্তানে

ভাৰতৰ বিৰুদ্ধে জনমত গঠন কৰিবলৈ গৈ ৰাষ্ট্ৰসংঘত মুখ থেকেচা খালে চীন–পাকিস্তানে

Source- Google

Source- Google

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত অকলশৰীয়া হ’ল চীন

  • Share this:
    ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য পৰিষদৰ বৈঠকত উত্থাপন হ’ল জম্মু কাশ্মীৰ প্ৰসংগ। জম্মু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা ভাৰতীয় সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ পাছতে ৰাষ্ট্ৰসংঘৰ দ্বাৰস্থ হৈছিল চীন। কিন্তু শুকুৰবাৰে বিষয়টোকলৈ অনুষ্ঠিত হোৱা বৈঠকত অকলশৰীয়া হৈ পৰিল চীন। কাশ্মীৰ বিষয় সন্দৰ্ভত ১৪ খন দেশৰ পৰা সমৰ্থন নাপালে চীনে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৪ স্থায়ী সদস্য ৰাষ্ট্ৰই ভাৰতক কৰিলে সমৰ্থন। বিষয় সন্দৰ্ভত ৰাছিয়াই কাশ্মীৰ সমস্যা দ্বীপাক্ষিক সমস্যা বুলি অভিহিত কৰে। চীনৰ অনুৰোধত অনুষ্ঠিত হোৱা UNSCৰ বৈঠকত কেৱল পাকিস্তানৰ সমৰ্থন লাভ কৰিয়ে সন্তুষ্ট থাকিল চীন।
    First published: