LIVE মেচত মেক্সৱেলৰ ভৱিষ্যদ্বাণী, এটা বলৰ পিছত সত্য প্ৰমাণিত, চাওক VIDEO

News18 Assam | News18-Assam
Updated:January 6, 2020, 3:23 PM IST
LIVE মেচত মেক্সৱেলৰ ভৱিষ্যদ্বাণী, এটা বলৰ পিছত সত্য প্ৰমাণিত, চাওক VIDEO
মেচৰ দ্বিতীয় অভাৰত মেক্সৱেলে খেলপথাৰৰ পৰাই কমেন্ট্রেটৰৰ সৈতে কথা পাতি আছিল। মেক্সৱেলে কয় যে আমি মিড অফ বা মিড অনত কেচ পাব পাৰো।

মেচৰ দ্বিতীয় অভাৰত মেক্সৱেলে খেলপথাৰৰ পৰাই কমেন্ট্রেটৰৰ সৈতে কথা পাতি আছিল। মেক্সৱেলে কয় যে আমি মিড অফ বা মিড অনত কেচ পাব পাৰো।

  • Share this:
বিগ বেছ লীগত প্ৰতিদিনে খেলুৱৈসকলে খেলপথাৰত দেখুৱাই চমৎকাৰ। বেটিং, বলিং বা ফিল্ডিঙত নিজৰ শক্তিৰ প্ৰমাণ দি আহিছে বিভিন্ন খেলুৱৈয়ে। কিন্তু অষ্ট্ৰেলিয়াৰ তাৰকা খেলুৱৈ গ্লেন মেক্সৱেলে নিজৰ ভৱিষ্যদ্বাণীৰে আচৰিত কৰিলে সকলোকে। মেলবৰ্ণ ৰেনেগেড্ছ আৰু মেলবৰ্ণ ষ্টাৰ্ছৰ মাজত খেলা এখন খেলত ৰেনেগেড্ছে প্ৰথমে বেটিং কৰিছিল। সেই সময়তে ফিল্ডিং কৰি থকা মেক্সৱেলে ভৱিষ্যদ্বাণী কৰিলে, যিটো মাত্ৰ এটা বলৰ পিছতে সত্য প্ৰমাণিত হয়।

মেচৰ দ্বিতীয় অভাৰত মেক্সৱেলে খেলপথাৰৰ পৰাই কমেন্ট্রেটৰৰ সৈতে কথা পাতি আছিল। মেক্সৱেলে কয় যে আমি মিড অফ বা মিড অনত কেচ পাব পাৰো। মেক্সৱেলৰ এই মন্তব্যৰ এটা বলৰ পিছতে ৰেনেগেড্ছৰ বেট্ছমেন ছেম হাৰ্পৰে মিড অনত কেচ তুলি দিয়ে। এই ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

আৰু চাওক
পৰৱৰ্তী বাতৰি