পূৰ্বৰে পৰা ভাৰত আৰু ভূটানৰ মাজত অক্ষুন্ন আছে নিবিড় সম্পৰ্ক। ভূটানৰ প্ৰধানমন্ত্ৰী লোটে চেৰিঙে এইবাৰ ছচিয়েল মিডিয়াত ৰাজহুৱাকৈ প্ৰশংসা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰচনা কৰা ‘The Exam Warrior’ গ্ৰন্থখনক। গ্ৰন্থ খন নৱপ্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস বুলি উল্লেখ কৰি ভূটানৰ প্ৰধানমন্ত্ৰীজনে কয় যে, তেওঁ ভাৰতবৰ্ষলৈ আহোতে সংগ্ৰহ কৰিছিল নৰেন্দ্ৰ মোদীয়ে ৰচনা কৰা কিতাপখন। লগতে বাস্তৱ পৃথিৱীখনৰ সৈতে মুখামুখি হ’বলৈ, পৰীক্ষাৰ ভয় কিদৰে নাইকীয়া কৰিব পাৰি, সেই সকলো কথা জানিবলৈ প্ৰতিজন শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘The Exam Warrior’ গ্ৰন্থখন পঢ়াতো প্ৰয়োজনীয় বুলি মন্তব্য কৰে ভূটানৰ প্ৰধানমন্ত্ৰীজনে।
![]()
পষ্টটোত ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি কয় যে, ‘ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতলৈ মোৰ দুবাৰ যোৱাৰ সৌভাগ্য় হৈছে। প্ৰতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ পাইছো। তেখেত অত্যন্ত অমায়িক আৰু সহজ সৰল মানুহ। মোদীৰ কিতাপখন অতি মূল্যবান, সঁচা অৰ্থত জীৱন কি কিতাপখনৰ মাজেৰেই অনুভৱ কৰিব পৰা যায়। কিতাপখনৰ এশাৰী বাক্য, ‘’প্ৰধানমন্ত্ৰী হোৱাৰ সপোনৰ কথা নাহেই, মই কোনোদিন বিদ্যালয়ৰ শ্ৰেণীকোঠাৰে প্ৰমুখ নাছিলো’ এ সঁচাকৈয়ে প্ৰভাৱিত কৰে।’
নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি কয় যে, নৰেন্দ্ৰ মোদী সঁচাকৈ দেশক ভাল পোৱা এগৰাকী ব্যক্তি। ভাৰতবৰ্ষকলৈ তেখেতৰ যি কাৰ্যপন্থা, সঁচাকৈ প্ৰশংসনীয়! অব্যাহত থাকক ভাৰত আৰু ভূটানৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক!
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|