உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • সংঘাত সৃষ্টিৰ অপচেষ্টা; ভূটান চৰকাৰে অসমলৈ বন্ধ কৰা নাই পানী যোগান

    সংঘাত সৃষ্টিৰ অপচেষ্টা; ভূটান চৰকাৰে অসমলৈ বন্ধ কৰা নাই পানী যোগান

    ভূটানে অসমৰ সীমান্ত জিলা কেইখনৰ খেতি পথাৰলৈ পানী যোগান বন্ধ কৰি দিয়া বুলি প্ৰকাশ পোৱা বাতৰিক খণ্ডন কৰিছে।

    ভূটানে অসমৰ সীমান্ত জিলা কেইখনৰ খেতি পথাৰলৈ পানী যোগান বন্ধ কৰি দিয়া বুলি প্ৰকাশ পোৱা বাতৰিক খণ্ডন কৰিছে।

    ভূটানে অসমৰ সীমান্ত জিলা কেইখনৰ খেতি পথাৰলৈ পানী যোগান বন্ধ কৰি দিয়া বুলি প্ৰকাশ পোৱা বাতৰিক খণ্ডন কৰিছে।

    • Share this:
    ভূটানে অসমৰ সীমান্ত জিলা কেইখনৰ খেতি পথাৰলৈ পানী যোগান বন্ধ কৰি দিয়া বুলি প্ৰকাশ পোৱা বাতৰিক খণ্ডন কৰিছে। ভূটানৰ বিদেশ মন্ত্ৰণালয়ে তেনে বাতৰি সম্পূৰ্ণ ভিত্তিহীন আৰু ভূটান আৰু অসমৰ মাজত ভুল বুজাবুজিৰ সূত্ৰপাত ঘটোৱাৰ অপচেষ্টা বুলি অভিহিত কৰিছে ।

    ভূটান চৰকাৰ শুকুৰবাৰে ছচিয়েল মিডিয়া যোগে জাৰি কৰা এখন পত্ৰত  স্পষ্ট কৰি দিছে যে অসমৰ বাক্সা আৰু ওদালগুৰি জিলাৰ কৃষক ভূটানৰ নৈ পানীৰ পৰা বহু দশক ধৰি লাভান্বিত হৈ আহিছে। আনকি কোৰোণা মহামাৰীয়ে সৃষ্টি কৰা এই বিপদৰ সময়তো সেয়া বন্ধ হোৱা নাই। লগতে কোৱা হৈছে – ‘কোৰোণা ভাইৰাচৰ কাৰণে লগোৱা প্ৰতিবন্ধকতাৰ ফলত অসমৰ কৃষক সকলে ভূটানত প্ৰৱেশ কৰি জলসিঞ্চনৰ সুঁতি সমূহ মেৰামতি কৰিব পৰা নাই । কিন্তু অসমৰ কৃষক সকল সমস্যাত পৰাৰ কথা অৱগত হোৱাত ভূটান প্ৰশাসনে স্থানীয় ৰাইজৰ সহযোগত  সমস্যাৰ সমাধান কৰে যাতে পানীৰ গতিপথত কোনো বাধাৰ সৃষ্টি নহয়।

    আনহাতে  অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ভূটান তেনে কোনো কামত লিপ্ত হোৱা বুলি স্পষ্ট কৰি দিছে । তেওঁ ANIক জনোৱা মতে, ‘অসমৰ জলসিঞ্চনৰ পানী ভূটানৰ পাহাৰৰ পৰা বৈ আহে। কিন্তু পানীৰ গতিপথত কিছুমান বৃহৎ শিল প্ৰাকৃতিক ভাৱে আহি পৰাত পানীৰ গতিত বাধাৰ সৃষ্টি হয়। কিন্তু লগে লগে সেই শিলবোৰ আঁতৰাই দিয়া হয়।’ তেওঁ লগতে কয় – ‘ভূটানৰ লগত অসমৰ কোনো সংঘাত হোৱা নাই আৰু চুবুৰীয়া দেশখনে পানী বন্ধ কৰি দিয়া বুলি কোৱাটো ভুল।’ এই কথা তেওঁ টুইট কৰিও অৱগত কৰে।

    ভূটানস্থিত জেষ্ঠ সাংবাদিক টেনজিং লামচাঙেও ভূটান এনে কোনো অভিসন্ধিত লিপ্ত হোৱা নাই বুলি টুইট কৰে । অৱশ্যে তেওঁ Covid-19 মহামাৰী আৰু নেৰানেপেৰা বৰষুণৰ ফলত কিছু সমস্যাৰ সৃষ্টি হোৱাৰ কথা সদৰী কৰে।
    First published: