মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Earthquake Hits Pakistan : ৰিখটাৰ স্কেলত প্ৰাবল্য ৫.৭, ভয়ংকৰ ভূমিকম্পত কঁপিল দক্ষিণ পাকিস্তান

Earthquake Hits Pakistan : ৰিখটাৰ স্কেলত প্ৰাবল্য ৫.৭, ভয়ংকৰ ভূমিকম্পত কঁপিল দক্ষিণ পাকিস্তান

ভূমিকম্পৰ উৎপত্তিস্থল আছিল পাকিস্তানৰ কুৱেট্টাৰ পৰা ১০২ কিলোমিটাৰ উত্তৰ–পূবত।

ভূমিকম্পৰ উৎপত্তিস্থল আছিল পাকিস্তানৰ কুৱেট্টাৰ পৰা ১০২ কিলোমিটাৰ উত্তৰ–পূবত।

ভূমিকম্পৰ উৎপত্তিস্থল আছিল পাকিস্তানৰ কুৱেট্টাৰ পৰা ১০২ কিলোমিটাৰ উত্তৰ–পূবত।

  • Share this:
বৃহস্পতিবাৰে পুৱতিনিশা এক ভয়ংকৰ ভূমিকম্পই কঁপাই যায় পাকিস্তান। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৭। পাকিস্তানৰ দক্ষিণ অংশ কঁপি উঠে এই ভূঁইকঁপত। সংবাদ প্ৰতিষ্ঠান এএফপিৰ খবৰ অনুসৰি, কমেও ১৫–২০জন লোকৰ মৃত্যু হৈছে এই ভূমিকম্পৰ ফলত। মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ভূমিকম্পৰ উৎপত্তিস্থল আছিল পাকিস্তানৰ কুৱেট্টাৰ পৰা ১০২ কিলোমিটাৰ উত্তৰ–পূবত। পুৱতিনিশা সকলো লোক শুই থকাৰ সময়তে হোৱা ভূমিকম্পত ক্ষতিসাধন হয় বহু ঘৰৰ।


ভূমিকম্পত আটাইতকৈ বেছি ক্ষতি হৈছে বেলুচিস্তান প্ৰদেশৰ পাহাৰেৰে আৱৰা চহৰ হাৰনাইত। বিদ্যুৎ আৰু মোবাইল ফোন সেৱাও বিপৰ্যস্ত হৈ পৰে। আমেৰিকাৰ জিঅ’লজিকেল ছাৰ্ভেৰ ফালৰ পৰা জনোৱা হৈছে, ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৭।

শেহতীয়া বাতৰি