যেন আধুনিক কুম্ভকৰ্ণ! একেৰাহে ছমাহ শুই থকা এগৰাকী যুৱতী। যুৱতীগৰাকী ইংলেণ্ডৰ ষ্টকপোৰ্টৰ। নাম বেথ গোড়িয়া। যুৱতীগৰাকীয়ে এবাৰ শোৱাৰ পিছত ছমাহলৈকে সাৰ নাপায়। ঘৰৰ মানুহে বহু চেষ্টা কৰিও জগাব নোৱাৰে যুৱতীগৰাকীক। আনকি গোড়িয়াৰ প্ৰেমিকেও একেলগে ফুৰিবলৈ যাবলৈ ছমাহ ধৰি অপেক্ষা কৰিবলগীয়া হয়।
পিছে যুৱতীগৰাকীৰ ইমান টোপনি কিয়?
আচলতে ইংলেণ্ডৰ এই যুৱতীগৰাকী এক জটিল ৰোগত আক্ৰান্ত। ’Kleine hevin syndrome’ ৰোগত দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছে যুৱতীগৰাকী। এই ৰোগত আক্ৰান্ত ৰোগীয়ে মাহৰ পিছত মাহ ধৰি শুই থাকে। ১৭ বছৰতে এই ৰোগত আক্ৰান্ত হোৱাৰ বাবে পঢ়াৰ জীৱনো আধাতে সামৰিবলগীয়া হ’ল বেথ গোড়িয়াই। ইফালে বিজ্ঞানীসকলেও এই ৰোগৰ কাৰণ আজিলৈকে বিচাৰি পোৱা নাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|