মাত্ৰ ৮হাজাৰ টকাৰে কেনেকৈ আৰ্জিব ২.৮০কোটি টকা? বিশ্বৰ তৃতীয় স্থানৰ ধনী ব্যক্তিৰ টিপছ

যদি আপুনিও ধনী হ’ব বিচাৰিছে তেনেহ’লে আপোনাক জনাব বিচাৰো বিশ্বৰ তৃতীয় সৰ্বোচ্ছ ধনী ব্যক্তিৰ টিপছ যাৰ জৰিয়তে আপুনি আৰামত ধন অৰ্জন কৰিব পাৰিব।

News18
Updated:May 12, 2019, 10:09 AM IST
মাত্ৰ ৮হাজাৰ টকাৰে কেনেকৈ আৰ্জিব ২.৮০কোটি টকা? বিশ্বৰ তৃতীয় স্থানৰ ধনী ব্যক্তিৰ টিপছ
যদি আপুনিও ধনী হ’ব বিচাৰিছে তেনেহ’লে আপোনাক জনাব বিচাৰো বিশ্বৰ তৃতীয় সৰ্বোচ্ছ ধনী ব্যক্তিৰ টিপছ যাৰ জৰিয়তে আপুনি আৰামত ধন অৰ্জন কৰিব পাৰিব।
News18
Updated: May 12, 2019, 10:09 AM IST
বেছিভাগ মানুহে শ্বেয়াৰ মাৰ্কেটত টকা বিনিয়োগ কৰাৰ কথা শুনিয়ে টকা ঢালিবলৈ আগবাঢ়ি আহে। কিন্তু প্ৰায়ে তেওঁলোক অসফল হয়। বহু সময়ত মাৰ্কেটত ঠকা বিনিয়োগ কৰাৰ পিছতো নিজৰ মূলধন পৰ্যন্ত হেৰুৱাবলগীয়া হয় ৰাইজে। যদিহে আপুনি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি ধনী হ’ব বিচাৰিছে তেনেহ’লে আপোনাৰ বাবে আগ‍ঢ়াইছো এনে টিপছ যিবোৰ প্ৰদান কৰিছে বিশ্বৰ তৃতীয় স্থানৰ ধনী ব্যক্তি ৱাৰেন বাফেই। বাফে হৈছে শ্বেয়াৰ বজাৰৰ ডাঙৰ নাম। তেওঁৰ টিপছ অনুসৰণ কৰি আপুনিও হ’ব পাৰে ধনী।

১১বছৰ বয়সত জীৱনৰ প্ৰথম শ্বেয়াৰ ক্ৰয় কৰিছিল ৱাৰেন বাফেই। ১৯৪২চনৰ প্ৰথম ত্ৰিমাসিক আছিল আৰু ইয়াৰ পিছতেই পাৰ্ল হাৰ্বাৰৰ ঘটনা সংঘটিত হৈছিল। তেওঁ কয়, 'মই ১১৪.৭৫ডলাৰ (আজিৰ ভাৰতীয় হিচাপত প্ৰায় ৮হাজাৰ টকা) খৰছ কৰি এটা শ্বেয়াৰ ক্ৰয় কৰিছিলো। মই যদি সেই ধন এছ এণ্ড পি ৫০০ত বিনিয়োগ কৰিলোহেতেন আৰু তাৰপৰা লাভ কৰা ডিভিডেণ্ট শ্বেয়াৰত বিনিয়োগ কৰিলোহেতেন অনুমান কৰক আজিৰ তাৰিখত সেই টকা কিমান হ’লহেতেন'

৮হাজাৰ টকা এনেকৈ ২.৮০কোটি টকা হ’লহেতেন!

ৱাৰেন বাফেই কয়, 'অকণমান চিন্তা কৰক এয়া ১০হাজাৰ ডলাৰ হ’লহেতেন নে ৭৫হাজাৰ ডলাৰ হ’লহেতেন, মই বুজাই দিছো চাওক, এই সংখ্যা অতি নগণ্য। ইয়াৰ উত্তৰ হৈছে ৪লাখ ডলাৰ (২.৮০কোট টকা)। এনেদৰে যদি মই কম বয়সতে ১১৪ডলাৰ এছএণ্ডপি ৫০০ত বিনিয়োগ কৰিলোহেতেন তেনেহ’লে আজি এয়া ৪লাখ ডলাৰ হ’লহেতেন।'

দীঘলীয়া সময়সীমাৰ কথ ভাবিহে বিনিয়োগ কৰক
যদি আপুনি গছৰ ছাঁ ল’ব বিচাৰিছে তেনেহ’লে বছৰ পুৰণা গছ লগাব লাগিব। অৰ্থাৎ দীঘলীয়া সময়ৰ কথা চিন্তা কৰিহে বিনিয়োগ কৰক। সুযোগ বাৰে বাৰে নাহে আৰু যেতিয় সোণৰ বৰষুণ হয় তেতিয়া হাতখন আগবঢ়াই দিয়াৰ সলনি বাল্টি এটা আগুৱাই দিব লাগে। সুযোগৰ অপেক্ষাত থাকক, পৃথিৱীৰ যিকোনো ঠাইতে সুযোগ ওলাব পাৰে। এই সুযোগ উদ্যোগতো ওলাব পাৰে।

আনক চাই বজাৰত টকা বিনিয়োগ নকৰিব

বিনিয়োগ কৰাৰ পূৰ্বে বাৰে বাৰে শ্বেয়াৰ বজাৰৰ মূল্য চোৱাটো ভুল। তাৎক্ষণিক তললৈ নমা বা ওপৰলৈ উঠালৈ চাই শ্বেয়াৰ ক্ৰয় কৰিলে বিনিয়োগকৰ্তাৰ লোকচান হ’ব পাৰে। যদি আপুনি কোনো শ্বেয়াৰ দহবছৰ ৰাখিব নোৱাৰে তেনেহ’লে সেই শ্বেয়াৰ ১০মিনিট ৰখাৰো যুক্তি নাই। আনক দেখি বজাৰত টকা নলগাব। যেতিয়া সকলো কথা বুজি পাব তেতিয়াহে টকা ঢালিব।

এনেকুৱা ঠাইত বিনিয়োগ কৰক য’ত সদায় লাভ অৰ্জন কৰিব পাৰি। 
যেতিয়া আন ব্যক্তি বজাৰক লৈ অত্যন্ত আত্মবিশ্বাসী হয় তেতিয়ই শংকিত হওক, যেতিয়া আনবোৰ শংকিত হৈছে তেতিয়া আত্মবিশ্বাসী হওক। সদায় এনে পৰিচালকৰ সহায় লওক যিয়ে আপোনাৰ মনঃস্তত্ব বুজি পায়। জীৱনভৰৰ কাৰণে বিনিয়োগ কৰক আৰু লাভ উঠাওক।

নজৰ পৰ্টফলিঅ’ সদায় ভিন্নমুখী কৰি ৰাখক
নিজৰ ওপৰত বিশ্বাস ৰাখক তেতিয়াহে আপুনি সফল বিনিয়োগ কৰ্তা হ’ব পাৰিব। বেলেগ বেলেগ ভাল কোম্পানীত টকা বিনিয়োগ কৰক। ইয়াৰ পৰা লোকচান হোৱাৰ সম্ভাৱনা কম। তলি ফুটা নাৱত যদিহে উঠিছে ফুটা মৰাৰ সলনি নাওখন সলনি কৰক, শক্তি ৰাহি হ’ব।

অধৈয্য হ’লে নহ’ব
এদিনৰ ট্ৰেডাৰৰ সলনি দীঘলীয়া সময়ৰ লক্ষ্য লৈ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰক। লক্ষ্য পুৰা হোৱালৈ অপেক্ষা কৰক। ধৈৰ্য ৰাখিলেহে টকা বাঢ়িব। বেছি ৰিটাৰ্ণৰ আশা নকৰিব। ১৫–২০শতাংশ ৰিটাৰ্ণৰ সম্ভাৱনা দেখা পালেই বিনিয়োগ কৰক। বজাৰত বিনিয়োগ কৰোতে সামঞ্জস্য আৰু ধৈৰ্য দৰকাৰ। বেছিভাগ বিনিয়োগকাৰীয়ে এনেকুৱা নকৰে আৰু নিজেই নিজৰ শত্ৰু হৈ পৰে। ধৈৰ্য ৰাখি বিনিয়োগ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি