মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »লণ্ডনৰ পৰা চুৰি ব্যয়বহুল বেন্টলী মুলচানে পাকিস্তানৰ কাৰাছীত উদ্ধাৰ

লণ্ডনৰ পৰা চুৰি ব্যয়বহুল বেন্টলী মুলচানে পাকিস্তানৰ কাৰাছীত উদ্ধাৰ

 শুল্ক বিষয়াসকলে বাহনখন এটা বাসগৃহৰ ড্ৰাইভৱেত পাৰ্ক কৰি থোৱা অৱস্থাত উদ্ধাৰ কৰে।

শুল্ক বিষয়াসকলে বাহনখন এটা বাসগৃহৰ ড্ৰাইভৱেত পাৰ্ক কৰি থোৱা অৱস্থাত উদ্ধাৰ কৰে।

  • Share this:
লণ্ডনৰ পৰা কিছু সপ্তাহ পূৰ্বে চুৰি হোৱা এখন বিলাসী বেন্টলী গাড়ী পাকিস্তানৰ কাৰাছীৰ এটা বাংলোত উদ্ধাৰ হৈছে।

পাকিস্তানৰ সংবাদ মাধ্যম দ্যা এক্সপ্ৰেছ ট্ৰিবিউনৰ মতে, শনিবাৰে কাৰাছীৰ কালেক্টৰেট অৱ কাষ্টমছ এনফৰ্চমেণ্টে (চিচিই)এ ইউকেৰ ৰাষ্ট্ৰীয় অপৰাধ সংস্থাৰ পৰা কাৰাছীৰ অভিজাত ডিএইচএ এলেকাত এটা বাসগৃহৰ ড্ৰাইভৱেত চুৰি হোৱা বেন্টলী মুলচানে চেডান ৰখাই থোৱাৰ তথ্য পোৱাৰ পিছত এক অভিযান চলাইছিল।

অনুসন্ধানৰ সময়ত শুল্ক বিষয়াসকলে বাহনখন এটা বাসগৃহৰ ড্ৰাইভৱেত পাৰ্ক কৰি থোৱা অৱস্থাত উদ্ধাৰ কৰে। উল্লেখযোগ্য যে, সামাজিক মাধ্যম টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ হৈছে য’ত এখন ধূসৰ ৰঙৰ বেন্টলী এখন কেইজনমান লোকে ঠেলি থকা দেখা গৈছে যি গাড়ীখন চলাচল কৰাৰ প্ৰয়াস যেন লাগিছে।



বিষয়াসকলে জনাই যে, চুৰিৰ সৈতে জড়িত ব্যক্তিসকলে বেন্টলীত থকা ট্ৰেচিং ট্ৰেকাৰটো আঁতৰাবলৈ বা বন্ধ কৰাত ব্যৰ্থ হৈছিল, যিয়ে ইউকে কৰ্তৃপক্ষক বাহনখনৰ সঠিক অৱস্থান বিচাৰি উলিওৱাত সহায় কৰিছিল।

উদ্ধাৰ কাৰ্যৰ পিছত কৰ্তৃপক্ষই বাহনখনৰ পঞ্জীয়ন নম্বৰ নকল কৰা হোৱাৰ বিষয়েও অৱগত হয়। তেওঁলোকে আৱিষ্কাৰ কৰে যে গাড়ীখনৰ চেচিছ নম্বৰ ইউকে কৰ্তৃপক্ষৰ দ্বাৰা প্ৰদান কৰা চুৰি বাহনখনৰ বিৱৰণৰ সৈতে মিল খাইছিল।

প্ৰতিবেদন অনুসৰি, বেন্টলী গাড়ী উদ্ধাৰ হোৱা ঘৰৰ মালিকে পৰ্যাপ্ত নথি-পত্ৰ প্ৰদান কৰাত বিফল হোৱাৰ পিছত শুল্ক বিভাগটোৱে বাসগৃহৰ গৰাকী আৰু বাহনখন বিক্ৰী কৰা দালালজনক জিম্মাত লয়।

আনহাতে, সংবাদ সংস্থা পিটিআইৰ তথ্য অনুলৰি কেইসপ্তাহমান আগতে লণ্ডনত বাহনখন চুৰি হৈছিল আৰু গোটেই ৰেকেটটোৰ সৈতে জড়িত লোকসকলে পূৱ ইউৰোপীয় দেশৰ এজন শীৰ্ষ কূটনীতিবিদৰ নথি ব্যৱহাৰ কৰি গাড়ীখন পাকিস্তানলৈ আমদানি কৰিবলৈ সক্ষম হৈছিল। উক্ত কূটনীতিবিদজনক এতিয়া পূৱ ইউৰোপীয় দেশৰ চৰকাৰে পুনৰ মাতি পঢ়িয়াইছে বুলি জানিব পৰা গৈছে।

শুল্ক বিষয়াসকলে দাখিল কৰা এজাহাৰ অনুসৰি, চুৰি হোৱা বাহনখনৰ চোৰাং ব্যৱসায়ৰ বাবে ৩০০ মিলিয়ানতকৈ (৩০ কোটি) অধিক কৰ ফাঁকি দিয়া হৈছিল। শুল্ক বিষয়াই জনায় যে, তেওঁলোকে বৰ্তমানেও গোটেই ৰেকেটটোৰ মূল মাষ্টাৰমাইণ্ডক বিচাৰি আছে।

শেহতীয়া বাতৰি