"বেনে যিমান দীঘলীয়া সময় বিচাৰে নিজৰ বাবে ল'ব পাৰে। আমি আশা কৰিছোঁ অদূৰ ভৱিষ্যতে আমি বেনক পুনৰ দলৰ মাজত পাম।" ইংলেণ্ড ক্ৰিকেট বোৰ্ডৰ এই মন্তব্য।
"বেনে যিমান দীঘলীয়া সময় বিচাৰে নিজৰ বাবে ল'ব পাৰে। আমি আশা কৰিছোঁ অদূৰ ভৱিষ্যতে আমি বেনক পুনৰ দলৰ মাজত পাম।" ইংলেণ্ড ক্ৰিকেট বোৰ্ডৰ এই মন্তব্য।
ইংলেণ্ডৰ তাৰকা বেটছমেন বেন ষ্টোকছে (Ben Stokes) ক্ৰিকেটৰ পৰা বিৰতি লৈছে। ক্ৰিকেটৰ সকলো ধৰণৰ ফৰ্মেটৰ পৰা বিৰতি লৈছে বেন ষ্টোকছে। ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ প্ৰাকমুহূৰ্তত এইয়া ইংলেণ্ড ক্ৰিকেট দল (England Cricket Team)ৰ বাবে এক ডাঙৰ আঘাত।
আজি ইংলেণ্ড আৰি ৱেলছ ক্ৰিকেট বোৰ্ডে (England and Wales Cricket Board) বেন ষ্টোকছৰ বিৰতিৰ কথা ঘোষণা কৰে। বোৰ্ডে কয়, "বেন ষ্টোকছে নিজৰ মানসিক অৱস্থা উন্নত কৰাত অগ্ৰাধিকাৰ দিছে আৰু তেওঁৰ তৰ্জনী আঙুলিৰ আঘাতৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলো ফৰ্মেটৰ ক্ৰিকেটৰ পৰা অনিৰ্দিষ্টকালৰ বাবে বিৰতি লৈছে।"
উল্লেখ্য যে ইংলেণ্ড ক্ৰিকেট বোৰ্ড বা বেন ষ্টোকছে নিজেও অৱসৰ লোৱা বুলি কোৱা নাই।
ইংলেণ্ড বোৰ্ডৰ মতে “কোৰোণাৰ বাবে সীমিত স্বাধীনতাৰ মাজত দীঘলীয়া সময় পৰিয়ালৰ পৰা আতৰি থাকিবলগীয়া হোৱা বাবে বহু খেলুৱৈৰ মনসিক অৱস্থাত প্ৰভাৱ পৰিছে। বিগত প্ৰায় ১৬ মাহ সকলোৰে বাবেই অতি কঠিন পাৰ হৈছে। আমাৰ লক্ষ্য হৈছে সকলো লোকৰে শাৰীৰিক মানসিক অৱস্থা ভালে ৰখাটো।"
"বেনে যিমান দীঘলীয়া সময় বিচাৰে নিজৰ বাবে ল'ব পাৰে। আমি আশা কৰিছোঁ অদূৰ ভৱিষ্যতে আমি বেনক পুনৰ দলৰ মাজত পাম।" ইংলেণ্ড ক্ৰিকেট বোৰ্ডৰ এই মন্তব্য।
আনহাতে বেন ষ্টোকছৰ ঠাইত ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাত স্থান লাভ কৰিছে ক্ৰেইগ অভাৰটনে (Craig Overton)।
উল্লেখ্য যে দীৰ্ঘদিন এক ৰোগত আক্ৰান্ত হৈ থকাৰ পাছত যোৱা বছৰ ডিচেম্বৰত পৰলোক গমন ঘটিছিল বেন ষ্টোকছৰ পিতৃৰ। আনহাতে IPL 2021ৰ সময়ত ক্ৰিছ গেইলৰ এটা কেটচ ধৰিবলৈ গৈ আঙুলিত আঘাত পাইছিল বেন ষ্টোকছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|