‘ময়েই জিকিম, কোনেও ধৰি ৰাখিব নোৱাৰে’, আত্মবিশ্বাসী বাইডেন

News18 Assam | News18-Assam
Updated:November 5, 2020, 9:29 AM IST
‘ময়েই জিকিম, কোনেও ধৰি ৰাখিব নোৱাৰে’, আত্মবিশ্বাসী বাইডেন
২০১৬ চনত মিছিগান, উইছকনছিনৰ দৰে স্থানসমূহ আছিল ট্ৰাম্পৰ যুদ্ধ জয়ৰ ঘাটি। সেই স্থানসমূহত সহজভাৱে দখল কৰিছে বাইডেন শিবিৰে।

২০১৬ চনত মিছিগান, উইছকনছিনৰ দৰে স্থানসমূহ আছিল ট্ৰাম্পৰ যুদ্ধ জয়ৰ ঘাটি। সেই স্থানসমূহত সহজভাৱে দখল কৰিছে বাইডেন শিবিৰে।

  • Share this:
মেজিক নাম্বাৰ ২৭০। ইতিমধ্যে ২৫৩টা ইলেক্টৰেল ভোট লাভ কৰিছে তেওঁ। বাইডেনে জানে জয় কেৱল এতিয়া সময়ৰ অপেক্ষা। ইফালে, ভোটগণনাত খেলিমেলিৰ পৰা আৰম্ভ কৰি ছুপ্ৰিম ক’ৰ্টলৈ যোৱাৰ হুংকাৰলৈ একো বাকী ৰখা নাই ট্ৰাম্পে। বাইডেনৰ হুংকাৰ – কোনেও ধৰি ৰাখিব নোৱাৰে, আমিয়েই ক্ষমতালৈ আহিম।

২০১৬ চনত মিছিগান, উইছকনছিনৰ দৰে স্থানসমূহ আছিল ট্ৰাম্পৰ যুদ্ধ জয়ৰ ঘাটি। সেই স্থানসমূহত সহজভাৱে দখল কৰিছে বাইডেন শিবিৰে। কোনো বাধা অবিহনেই বাইডেন শিবিৰে জয়লাভ কৰিছে নিউ মেক্সিকোৰ পৰা নিউ য়ৰ্ক, কানক্টিকাটৰ পৰা কলোৰাডোলৈ। সেয়েহে মচনদ দখলৰ আশা বাইডেনৰ।

ইফালে, ভোট খেলিমেলিৰ অভিযোগত ছুপ্ৰিম ক’ৰ্টৰ দ্বাৰস্থ ট্ৰাম্প শিবিৰ। আইনী ব্যৱস্থাৰ জৰিয়তে পৰিত্ৰাণ পোৱাৰ পথ বিচাৰিছে ট্ৰাম্পে। কিন্তু বাইডেন গভীৰ আত্মবিশ্বাসী। বুধবাৰেই বাইডেনে কৈছিল, ‘প্ৰতিটো ভোট গণনা শেষ হোৱালৈ অপেক্ষা কৰিব লাগিব।’
Published by: Sanjay Kumar Das
First published: November 5, 2020, 9:29 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading