• Home
  • »
  • News
  • »
  • world
  • »
  • অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য ! প্ৰেয়সীৰ সৈতে মাজ আকাশৰ পৰা ধৰি আনিলে চৰকাৰৰ বিৰোধিতা কৰা এগৰাকী সাংবাদিকক ...

অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য ! প্ৰেয়সীৰ সৈতে মাজ আকাশৰ পৰা ধৰি আনিলে চৰকাৰৰ বিৰোধিতা কৰা এগৰাকী সাংবাদিকক ...

বিমনাখনত বোমা আছে বুলি Air Traffic Controlৰ যোগেদি বিমানচালকলৈ বার্তা প্ৰেৰণ কৰা হ’ল । উপায়বিহীন হৈ পাইলটে বেলাৰুছৰ ৰাজধানী মিন্সকৰ বিমানবন্দৰত বিমানখন নমাব লগা হ’ল । অৱতৰণ কৰা মাত্ৰকে নিৰাপত্তা বাহিনীয়ে সাংবাদিকজনক তেওঁৰ প্রেয়সীৰ সৈতে কৰায়ত্ত কৰে ।  

  • Share this:
বিশ্বৰ উদাৰ গণতন্ত্ৰসমূহত সংবাদ মাধ্যমে চৰকাৰৰ সমালোচনা কৰাটো পৰম্পৰা । এই প্ৰক্ৰিয়াই গণতন্ত্ৰক মজবুত কৰে । কিন্তু এনে কিছুমান দেশ আছে য'ত সাংবাদিক বিপৰীত স্থিতিত গ'লেই বলি হয় ৰাষ্ট্ৰৰ ৰোষৰ । অতি সম্প্রতি তেনে এগৰাকী সাংবাদিকক আকাশৰ পৰা ধৰি আনিলে বেলাৰুছ চৰকাৰে ।

দেওবাৰে গ্ৰীচৰ এথেন্সৰ পৰা লিঠুনিয়াৰ ভিলনিয়াছলৈ উৰা মাৰিছিল Ryanairৰ এখন যাত্ৰীবাহী বিমান । বিমানখনৰে যাত্ৰা কৰিছিল ৰোমান প্ৰতাচেভিক নামৰ ২৬বছৰীয়া সাংবাদিক জনে । এওঁ বেলাৰুছৰ নিবাসী আৰু দেশখনৰ একনায়কত্ববাদী শাসনৰ বিৰুদ্ধাচৰণ কৰি চৰকাৰী ৰোষত পৰি লিঠুনিয়ালৈ পলায়ন কৰিব লগা হৈছিল ।

উল্লেখযোগ্য যে বিমানখন গন্তব্য স্থান পাবলৈ বেলাৰুছৰ আকাশমাৰ্গ পাৰ হৈ যাব লাগে । নিজ দেশৰ আকাশেদি ৰোমানক লৈ যোৱা বিমানখন গতি কৰিছে বুলি গম পায় বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংক’ৰ নিৰ্দেশত বিমানখন অৱতৰণ কৰাবলৈ তৎপৰ হ’ল চৰকাৰী যন্ত্ৰ ।

কিন্তু বিমানখন অৱতৰণ কৰা যায় কেনেকৈ ?

বিমনাখনত বোমা আছে বুলি Air Traffic Controlৰ যোগেদি বিমানচালকলৈ বার্তা প্ৰেৰণ কৰা হ’ল । ৰাষ্ট্ৰপতিৰ নিৰ্দেশ মৰ্মে যাত্ৰীবাহী বিমানখনৰ পিছত এখন বেলাৰুছৰ যুদ্ধ জাহাজ লগাই দিয়া হ’ল । উপায়বিহীন হৈ পাইলটে বেলাৰুছৰ ৰাজধানী মিন্সকৰ বিমানবন্দৰত বিমানখন নমাব লগা হ’ল । অৱতৰণ কৰা মাত্ৰকে নিৰাপত্তা বাহিনীয়ে সাংবাদিকজনক তেওঁৰ প্রেয়সীৰ সৈতে কৰায়ত্ত কৰিলে ।

এই ঘটনাই সমগ্ৰ ইউৰোপত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইউৰোপৰ দেশসমূহে এই সমগ্ৰ কাৰ্যক ‘হাইজেক’ বুলি অভিহিত কৰিছে । অৱশ্যে বেলাৰুছ বিমান পৰিবহণ বিভাগে এই অভিযোগ খণ্ডন কৰি সম্পূৰ্ণ আইনগতভাৱে কোনো আন্তৰ্জাতিক নিয়ম উলংঘা নকৰাকৈ এই কাম কৰিছে বুলি মন্তব্য কৰিছে । মার্কিন যুক্তৰাষ্ট্ৰয়ো এনে কাৰ্যৰ গৰিহণা দিছে । বিমানত থকা ১২০জন যাত্রীৰ জীৱনক লৈ বেলাৰুছে হেতালি খেলা বুলি অভিহিত কৰিছে মার্কিন যুক্তৰাষ্ট্ৰই ।

ৰোমান বর্তমান বেলাৰুছ তদন্তকাৰী সন্থাৰ তত্বাৱধানত আছে । স্থানীয় টিভি চেনেলত প্ৰকাশ পোৱা এক ভিডিঅ’ত তেওঁ তদন্তত সহযোগ কৰা বুলি উল্লেখ কৰিছে । যোৱা বছৰ আগষ্ট মাহত ৰোমানে এটা টেলিগ্ৰাম চেনেলৰ যোগেদি দেশখনত প্ৰতিবাদ সাব্যস্ত কৰাৰ অভিযোগ উত্থাপন হৈছিল ।
Published by:Kokil Sarma
First published: