মৰাশৰে বান্ধিছে দ’ম! ১০ মিনিটত শ্মশান এখন চহৰ, লেবাননৰ ভয়ংকৰ বিস্ফোৰণৰ ৫টা পইণ্ট

News18 Assam | News18-Assam
Updated:August 5, 2020, 10:04 AM IST
মৰাশৰে বান্ধিছে দ’ম! ১০ মিনিটত শ্মশান এখন চহৰ, লেবাননৰ ভয়ংকৰ বিস্ফোৰণৰ ৫টা পইণ্ট
মঙলবাৰে স্থানীয় সময়মতে সন্ধিয়া ৬বজাত বিস্ফোৰণে বেইৰুটক একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত কৰে। 

মঙলবাৰে স্থানীয় সময়মতে সন্ধিয়া ৬বজাত বিস্ফোৰণে বেইৰুটক একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত কৰে। 

  • Share this:
লেবাননৰ ৰাজধানী বেইৰুটত মঙলবাৰে সন্ধিয়া স্থানীয় সময়মতে প্ৰায় ৬বজাত সংঘটিত বিস্ফোৰণে সমগ্ৰ চহৰ ধ্বংসস্তুপত পৰিণত কৰে। এই বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে ১০ কিলোমিটাৰ এলেকা সম্পূৰ্ণৰূপে ধ্বংস হয়। লেবানন চৰকাৰে ইয়াক দুৰ্ঘটনা আখ্যাৰে সাহাৰ্য প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিছে। এইপৰ্যন্ত সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দেহক কোনেও নিশ্চিত কৰা নাই।

১. বিস্ফোৰণৰ কাৰণ?

লেবাননৰ প্ৰধানমন্ত্ৰী হাছান ডিএবে কয় এই বিস্ফোৰণ ২৭৫০ টন এম’নিয়াম নাইট্ৰেটৰ পৰা সংঘটিত হয়। বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে সমীপত সকলোতে জুই লাগি গৈছিল, গাড়ী লুটি খাই পৰিছিল, মানুহৰ ঘৰৰ খিৰিকী–দুৱাৰৰ আইনা ভাঙি পৰিছিল, লেবাননৰ সামান্য সুৰক্ষাৰ মুৰব্বী আব্বাছ ইব্ৰাহিমে কয় যে হয়তো  এই বিস্ফোৰণ অত্যাধিক বিস্ফোটক সামগ্ৰীৰ পৰা সংঘটিত হৈছে। এই বিস্ফোটকখিনি কিছু সময় পূৰ্বে এখন জাহাজৰ পৰা উদ্ধাৰ কৰি বন্দৰত ৰখাৰ কথা তেওঁ উল্লেখ কৰে। ৰাষ্ট্ৰপতি মাইকেল ইয়নে টুইট কৰি জনায় যে, ২৭৫০ টন বিস্ফোটক নাইট্ৰেট অসুৰক্ষিতভাৱে ষ্টৰ কৰি ৰখাৰ কাৰণে এই বিস্ফোৰণ সংঘটিত হোৱাৰ আশংকা আচলতে অমূলক। গতিকে বিস্ফোৰণ কেনেকৈ হ’ল তাৰ তদন্ত অব্যাহত আছে।





২.  দুটা বিস্ফোৰণ হয়

একাধিক বিস্ফোৰণ সংঘটিত হয় আৰু মানুহে ধৰি লয় যে, বেইৰুটৰ ফটকা গোদামত জুই লাগিছে। অৱশ্যে ভিডিওত স্পষ্টৰূপত দেখা গৈছে যে প্ৰথমে এটা সৰু বিস্ফোৰণ সংঘটিত হয়, ইয়াৰ পিছতে এক ভীষণ বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণে সমগ্ৰ চহৰখন গ্ৰাস কৰে। বিস্ফোৰণৰ পিছত নাইট্ৰেটৰ ডাৱৰো দেখা যায়।



৩. বিস্ফোৰণৰ ফলত ভূমিকম্প

জৰ্ডানৰ চিচম’লজী অৱজাৰভেটৰীৰ বিশেষজ্ঞই এই বিস্ফোৰণৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৪.৫ প্ৰাৱল্যৰ ভূঁইকঁপৰ অধিক আখ্যা দিছে। ধাৰণা কৰা হৈছে যে, বিস্ফোৰণৰ তীব্ৰতা প্ৰায় ১০০০টন TNT বিস্ফোটকৰ সমান আছিল। এইটো এক সৰু নিউক্লিয়াৰ বিস্ফোৰণৰ সমান আছিল। এই বিস্ফোৰণৰ পিছত আকাশত কাঠফুলা আকৃতিৰ ডাৱৰৰো সৃষ্টি হয়। প্ৰথমে এই ডাৱৰৰ ৰং বগা আছিল আৰু পিছত কমলাৰঙী হৈ পৰে। ডেলী মেইলে এই ডাৱৰক নিউক্লিয়াৰ বিস্ফোৰণৰ ডাৱৰ সদৃশ আখ্যা দিছে।



৪. বহুকেইটা সন্দেহ

২০০৫চনক লেবাননৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰফিক হাৰাৰীৰ হত্যাৰ তদন্ত আৰু আদালতৰ ৰায় অহাৰ ঠিক আগমুহূৰ্তত এই বিস্ফোৰণ সংঘটিত হয়। ১৪ ফেব্ৰুৱাৰী, ২০০৫চনত ৰফিক হাৰাৰী যেতিয়া নিজৰ গাড়ীৰে গৈ আছিল তেতিয়া এক ভয়ংকৰ বিস্ফোৰণ হৈছিল আৰু তেওঁৰ মৃত্যু হৈছিল। তাৰোপৰি এই বিস্ফোৰণৰ সময়ত লেবানন আৰ্থিক সংকটৰে বেয়াকৈ যুঁজিবলগীয়া হৈছে। লেবাননৰ স্বাস্থ্য মন্ত্ৰী হামাদ হাছানে জনাইছে এই বিস্ফোৰণত বহু লোক আহত হৈছে, ব্যাপক ক্ষতিসাধন হৈছে। লেবানন চৰকাৰে এই বিস্ফোৰণক দুৰ্ঘটনা আখ্যা দিছে যদিও প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।





৫. ৰাষ্ট্ৰপতিয়ে আহ্বান কৰিলে জৰুৰীকালীন বৈঠক

ৰাষ্ট্ৰপতি মাইকেল আউনে চুপ্ৰীম ডিফেন্স কাউন্সিলৰ মিটিঙৰ আহ্বান কৰিছে। দেশৰ স্বাস্থ্যমন্ত্ৰী হামাদ হাছানে কয় এই বিস্ফোৰণত বৃহৎ সংখ্যক লোক আহত হৈছে। ৰয়টাৰ্ছৰ মতে অতি কমেও ৭৩জন লোকৰ মৃত্যু হৈছে। চহৰৰ অ’ত ত’ত দম বান্ধিছে মৃতদেহে। এখন চহৰ শ্মশান হৈ পৰিল।
First published: August 5, 2020, 10:04 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading