অত্যন্ত ধুনীয়া হোৱা বাবেই বিয়াৰ বাবে ল’ৰা বিচাৰি পোৱা নাই এইগৰাকী সুন্দৰীয়ে

ষ্টেৰ্লেই কয় – মই বিচাৰো মোৰ বাবে কোনো এনে এজন মানুহ আহক যি দয়ালু, পৰিয়ালৰ খবৰ ৰাখে আৰু কেৰিয়াৰৰ ওপৰত গুৰুত্ব ৰাখে।

News18-Assam
Updated:October 22, 2019, 1:40 PM IST
অত্যন্ত ধুনীয়া হোৱা বাবেই বিয়াৰ বাবে ল’ৰা বিচাৰি পোৱা নাই এইগৰাকী সুন্দৰীয়ে
ষ্টেৰ্লেই কয় – মই বিচাৰো মোৰ বাবে কোনো এনে এজন মানুহ আহক যি দয়ালু, পৰিয়ালৰ খবৰ ৰাখে আৰু কেৰিয়াৰৰ ওপৰত গুৰুত্ব ৰাখে।
News18-Assam
Updated: October 22, 2019, 1:40 PM IST
গ্ৰেট ব্ৰিটেইনৰ নৰ্থ ৱেল্ছৰ এগৰাকী বিউটী কুইন। এই সুন্দৰীগৰাকীয়ে দাবী কৰিছে যে তেওঁৰ সৌন্দৰ্যৰ বাবেই পছন্দৰ সংগী বিচাৰি পোৱা নাই। নৰ্থ ৱেলছৰ লেন্দুডনোৰ জোয়ে ষ্টেৰ্লেই বিগত কিছু বছৰ ধৰি দেশখনৰ বিভিন্ন সৌন্দৰ্য প্ৰতিযোগিতাত কেইবাটাও খিতাপ অৰ্জন কৰিছে। কিন্তু ২৩ বছৰীয়া এই সুন্দৰীগৰাকীৰ মতে, অধিক সৌন্দৰ্যৰ বাবেই পোৱা নাই ভাল ল’ৰা।

ষ্টেৰ্লেই শেহতীয়াকৈ এটা টিভি শ্ব’ৰ বাবে সৌন্দৰ্য প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। এই টিভি শ্ব’টোত যুৱতীসকলক মেক–আপ নোলোৱাকৈ ব্লাইণ্ড ডেটিঙত যাবলৈ পৰামৰ্শ দিয়া হয়। নৰ্থ ৱেলছ লাইভৰ মতে, ইয়াৰ উদ্দেশ্য আকৰ্ষণৰ আধাৰত এটা সম্পৰ্ক বিচৰা যিটো বাহ্যিক সৌন্দৰ্যতকৈ বহু ওপৰত।

২০১৬ চনত ষ্টেৰ্লেই মিছ ছুপাৰনেচনেল বেল্ছ খিতাপৰ লগতে মিছ কানৱে’ গেলেক্সীৰ খিতাপ অৰ্জন কৰিছিল। তদুপৰি মিছ গেলেক্সী ৱেল্ছৰ সৌন্দৰ্য প্ৰতিযোগিতাত মিছ পপুলাৰিটীৰ খিতাপ লাভ কৰিছিল।

Photo : starnow.com


ষ্টেৰ্লেই কয় যে ডেটিঙৰ বাবে মেকআপ কৰাৰ অনুমতি নথকাত আচৰিত হৈছিলো, কিয়নো মই সদায় মেকআপ কৰো। সুন্দৰীগৰাকীয়ে কয় যে মেকআপ এক সুৰক্ষাৰ দৰে, বিশেষকৈ এগৰাকী বিউটী কুইনৰ ৰূপত মই যিমানখিনি সম্ভৱ নিজকে পাৰফেক্ট কৰি তুলিবলৈ চেষ্টা কৰো।

Photo : dailystar.co.uk


ষ্টেৰ্লেই কয় – মই ভাৱো যে মই নিজকে যেনেকুৱা দেখো, তাৰ বিপৰীত ধৰণৰ ল’ৰা পাওঁ আৰু ভাল ল’ৰাই মোৰ প্ৰতি ভয় অনুভৱ কৰে। মই বিচাৰো মোৰ বাবে কোনো এনে এজন মানুহ আহক যি দয়ালু, পৰিয়ালৰ খবৰ ৰাখে আৰু কেৰিয়াৰৰ ওপৰত গুৰুত্ব ৰাখে।

এয়াও পঢ়ক : কাপোৰ নিপিন্ধাকৈ খাদ্য প্ৰস্তুত কৰি লাখ টকা উপাৰ্জন কৰিছে এইগৰাকী ইউটিউবাৰে!

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি