IPL 2021 Resume : ১৯ ছেপ্টেম্বৰৰ পৰা পুনৰ হ'ব IPLৰ খেল। ফাইনেল খেল ১৫ অক্টোবৰত। BCCIয়ে চুড়ান্ত কৰিছে সূচী!

News18 Assam | News18-Assam
Updated:June 7, 2021, 5:38 PM IST
IPL 2021 Resume : ১৯ ছেপ্টেম্বৰৰ পৰা পুনৰ হ'ব IPLৰ খেল। ফাইনেল খেল ১৫ অক্টোবৰত। BCCIয়ে চুড়ান্ত কৰিছে সূচী!
BCCIয়ে ২৫ দিনৰ ভিতৰত বাকী মেচসমূহ ইউএই (UAE)ত খেলোৱাৰ বাবে সাজু হৈছে।

BCCIয়ে ২৫ দিনৰ ভিতৰত বাকী মেচসমূহ ইউএই (UAE)ত খেলোৱাৰ বাবে সাজু হৈছে।

  • Share this:
১৯ ছেপ্টেম্বৰৰ পৰা সংযুক্ত আৰৱ এমিৰেটছ (UAE)ত পুনৰ হ'ব IPLৰ বাকী থকা খেলসমূহ। এমিৰেটছ  ক্ৰিকেট ব'ৰ্ডৰ আলোচনা ইতিবাচক বুলিয়েই জানিব পৰা গৈছে। সেই অনুসাৰে ডুবাই, আবু ধাবি আৰু ছাৰজাহত IPLৰ বাকী থকা খেলসমূহ খেলোৱা হ'ব বুলি নিশ্চিত হৈছে। ফাইনেল খেলখন ১৫ অক্টোবৰত হ'ব বুলি  জনাইছে BCCIয়ে।

ANIত প্ৰকাশিত এক বাতৰি মতে, BCCIয়ে ২৫ দিনৰ ভিতৰত বাকী মেচসমূহ (UAEত খেলোৱাৰ বাবে সাজু হৈছে। এমিৰেটছ ক্ৰিকেট ব'ৰ্ড (Emirates Cricket Board)এ ইতিমধ্যে মৌখিকভাৱে সন্মতি প্ৰদান কৰিছে। উল্লেখ্য যে এয়ে হ'লে একেৰাহে দুবাৰ UAEত হ'ব IPLৰ খেল।

ইয়াৰ সমান্তাৰলকৈ BCCIয়ে বিদেশী তাৰকাসকলৰ সৈতেও যোগাযোগ কৰিছে তেওঁলোকক খেলৰ সময়ত যাতে খেলপথাৰত দেখাৰ সৌভাগ্য হয় দৰ্কশৰ। ইতিমধ্যে পেট কামিংছকে ধৰি কেইবাগৰাকীও তাৰকা বিদেশী খেলুৱৈৱে আইপিএলৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে। ইপিনে ইংলেণ্ড ক্ৰিকেট ব'ৰ্ডেও ইয়াৰ খেলুৱৈসকলক এৰি নিদিও বুলি স্পষ্ট কৰি দিছে।
Published by: Manjumoni Borah
First published: June 7, 2021, 5:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি