মৰ্মন্তুদ! হেলিকপ্তাৰ দুৰ্ঘটনাত হেৰাই গ’ল প্ৰসিদ্ধ বাস্কেটবল খেলুৱৈ আৰু মৰমৰ জী...

News18 Assam | News18-Assam
Updated:January 27, 2020, 7:17 PM IST
মৰ্মন্তুদ! হেলিকপ্তাৰ দুৰ্ঘটনাত হেৰাই গ’ল প্ৰসিদ্ধ বাস্কেটবল খেলুৱৈ আৰু মৰমৰ জী...
ক’বে ব্ৰায়াণ্ট আৰু জীয়ৰিৰ অকাল মৃত্যুত বিশ্বজুৰি শোকৰ বন্যা। প্ৰিয়ংকা চোপ্ৰা সহ বলিউডৰ তাৰকাই প্ৰকাশ কৰিলে বেদনা।

ক’বে ব্ৰায়াণ্ট আৰু জীয়ৰিৰ অকাল মৃত্যুত বিশ্বজুৰি শোকৰ বন্যা। প্ৰিয়ংকা চোপ্ৰা সহ বলিউডৰ তাৰকাই প্ৰকাশ কৰিলে বেদনা।

  • Share this:
এটা শোকাৱহ হেলিকপ্তাৰ দুৰ্ঘটনাত অকাল মৃত্যুক আঁকোৱালি লোৱা ক’বে ব্ৰায়াণ্ট আৰু মৰমৰ কন্যাৰ মৃত্যুত ছচিয়েল মিডিয়াত অগণন শোক বাৰ্তা। বাস্কেটবলৰ দিগ্গজ খেলুৱৈৰূপে পৰিচিত ক’বে ব্ৰায়াণ্টৰ মৃত্যুত বিশ্বৰ অগণন অনুৰাগী শোকাহত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৰা বলিউডৰ নামী–দামী তাৰকাই নিজৰ সংবেদনা প্ৰকাশ কৰিছে এই দুৰ্ভাগ্যজনক মৃত্যুত।

এই শোকাৱহ হেলিকপ্তাৰ দুৰ্ঘটনাত মুঠ ৯জন মানুহে প্ৰাণ হেৰুৱাইছে। ইয়াতে আছিল ক’বে ব্ৰায়াণ্ট আৰু তেওঁৰ ১৩বছৰীয়া কন্যাও। নিজৰ ব্যক্তিগত হেলিকপ্তাৰেৰে যাত্ৰা কৰাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। কেলেবেচেচ চহৰৰ ওপৰেদি যাওতেই হেলিকপ্তাৰখন দুৰ্ঘটনাত পতিত হয়।

বলিউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই এই মৃত্যুত এক আৱেগিক পোষ্ট ছচিয়েল মিডিয়াত দিছে।




 





View this post on Instagram




 

Kobe Bryant was my first real introduction to the NBA. I was 13 living in Queens NYC, the same age as his sweet little girl, Gianna. He ignited my love for the sport, competition, and striving for excellence. He inspired an entire generation. His legacy is so much bigger than basketball. This heartbreaking accident also took the life of his young daughter, Gianna. I’m shook and so saddened. My heart goes out to Vanessa, Natalia, Bianka, and Capri Bryant. You are in my thoughts. Also sending my condolences to the loved ones of the other families and pilot in the accident. Being at tonight’s Grammys ceremony in his home at the Staples Center is going to be surreal. 💔 #RIP #KobeBryant #ripmamba


A post shared by Priyanka Chopra Jonas (@priyankachopra) on








তেওঁৰ বাহিৰেও বহুকেইগৰাকী বলিউড তাৰকাই শোক প্ৰকাশ কৰে।



 




View this post on Instagram




 

Life is fickle, it all eventually feels kind of pointless. R.I.P @kobebryant #blackmamba #24


A post shared by Arjun Kapoor (@arjunkapoor) on






উল্লেখযোগ্য যে প্ৰায় ২০বছৰৰ পৰা বাস্কেটবল ক্ষেত্ৰৰে জৰিত ক’বে ব্ৰায়াণ্টে কেবাটাও অভিলেখ গঢ়িছিল। নেচনেল বাস্কেটবল এছ’চিয়েশ্যনৰ পৰা খেলি তেওঁ মুঠ ৫খন চেম্পিয়নশ্বিপ জিকিছিল। তেওঁৰ মৃত্যুৰ পিছত অনুৰাগীসকলে তেওঁৰ ভিডিও শ্বেয়াৰ কৰি দুখ প্ৰকাশ কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি