• Home
  • »
  • News
  • »
  • world
  • »
  • Tokyo Olympics 2020 : অলিম্পিকত সোণৰ পদক ভগাই ল'লে দুজনে, ইতিহাসতেই বিৰল ঘটনা

Tokyo Olympics 2020 : অলিম্পিকত সোণৰ পদক ভগাই ল'লে দুজনে, ইতিহাসতেই বিৰল ঘটনা

barshim-tamberi

barshim-tamberi

Tokyo Olympics 2020 : অলিম্পিকত সোণৰ পদক ভগাই ল'লে দুজনে, ইতিহাসতেই বিৰল ঘটনা

  • Share this:
এইবাৰৰ টকিঅ' অলিম্পিক (Tokyo Olympics 2020)ত পুৰুষৰ হাই জাম্পৰ ফাইনেলত সাধু কথাৰ দৰেই ঘটনা সংঘটিত হৈছে। দুজন খেলুৱৈয়ে এটা সোণৰ পদক ভগাই লোৱাৰ দৰে বিৰল ঘটনা সংঘটিত হৈছে টকিঅ' অলিম্পিকছত। হাই জাম্পৰ ফাইনেলত ইটালী (Italy)ৰ জিয়ানমাৰ্কো টাম্বেৰী (Gianmarco Tamberi) আৰু কাটা (Qatar)ৰৰ মুতাজ এছা বাৰ্ছিম (Mutaz Essa Barshim) দুয়োজনে ২.৩৭ মিটাৰ জঁপিয়াইছিল। অলিম্পিকৰ বিষয়াসকলে দুয়োজনকে আৰু তিনিটাকৈ সুযোগ দিছিল যদিও এইবাৰো তেওঁলোকৰ এজনেও ২.৩৭ মিটাৰটকৈ বেছি জঁপিয়াব নোৱাৰিলে।

অন্তিমবাৰ দুয়োজনকে আৰু একোটা সুযোগ দিয়া হ'ল। কিন্তু এইবাৰ ভৰিৰ আঘাতৰ বাবে টাম্বেৰীয়ে শেষ সুযোগটোৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লয়। ফলত বাৰ্ছিম অপ্ৰতিদ্বন্দ্বী হৈ পৰে আৰু সোণৰ পদক প্ৰায় নিশ্চিত হৈ পৰে। কিন্তু বাৰ্ছিমে কি কৰিলে, নিজেও খেলৰ পৰা আঁতৰি দিয়াৰ সিদ্ধান্ত ল'লে। তেওঁ বাৰ্ছিমে আয়োজক সমিতিৰ বিষয়াক ক'লে, "যদি টাম্বেৰীৰ দৰে সুযোগৰ পৰা মইয়ো বিৰত থাকোঁ তেন্তে সোণৰ পদকটো আমাৰ দুয়োৰে মাজত ভগাই দিবনে?"

বাৰ্ছিমৰ কথা শুনি হতবাক হৈ পৰিল কৰ্মকৰ্তাসকল আৰু অৱশেষত হাই জাম্পৰ সোণৰ পদকটো দুয়োজনৰ মাজত ভগাই দিয়াৰ সিদ্ধান্ত হ'ল।

বাৰ্ছিমৰ এই মহানুভৱতা দেখি টাম্বেৰীয়ে লগে লগে দৌৰি গৈ বাৰ্ছিমক সাৱটি ধৰিলে। এই বিৰল মুহূৰ্তৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ বিশ্ব। এই ঘটনাই সকলোকে কৰি তুলিলে বিস্ময়াভিভূত।

উল্লেখ্য যে পদক ভগাই লোৱা এনে ঘটনা ২০১২ চনৰ লণ্ডন অলিম্পিক (London Olympics 2012)তো ঘটিছিল। সেইবাৰ পুৰুষৰ হাই জাম্পৰ পদক ভগাই লৈছিল তিনিজন খেলুৱৈয়ে আৰু আমোদজনকভাৱে সেইবাৰো মুতাজ এছা বাৰ্ছিম আছিল তিনিজনৰ এজন।
Published by:Manjumoni Borah
First published: