French Open 2021: বাৰবোৰা ক্ৰেজচিকোভাৰ শিৰত ফ্ৰেন্স অপেনৰ মহিলাৰ খিতাপ। পৰাস্ত কৰিলে এনাষ্টেচিয়া পাভলিচেনকোভাক।

News18 Assam | News18-Assam
Updated:June 12, 2021, 10:28 PM IST
French Open 2021: বাৰবোৰা ক্ৰেজচিকোভাৰ শিৰত ফ্ৰেন্স অপেনৰ মহিলাৰ খিতাপ। পৰাস্ত কৰিলে এনাষ্টেচিয়া পাভলিচেনকোভাক।
৩৩ সংখ্যক বাছনিৰ বাৰবোৰাই পাভলিচেনকোভাক ৬-১, ২-৬, ৬-৪ ছেটৰ ব্যৱধানত পৰাস্ত কৰে।

৩৩ সংখ্যক বাছনিৰ বাৰবোৰাই পাভলিচেনকোভাক ৬-১, ২-৬, ৬-৪ ছেটৰ ব্যৱধানত পৰাস্ত কৰে।

  • Share this:
চেক ৰিপাব্লিকৰ বাৰবোৰা ক্ৰেজচিকোভাই জয় কৰিলে ফ্ৰেন্স অপেনৰ মহিলা ছিংগলছৰ খিতাপ। ৪০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে কোনো চেক খেলুৱৈৱে জয় কৰিলে ৰোলা গেঁৰো। বাৰবোৰা ক্ৰেজচিকোভাৰ কেৰিয়াৰৰ এইটো প্ৰথমটো গ্ৰেণ্ডশ্লেম খিতাপ।

শনিবাৰে প্ৰতিযোগিতাৰ ফাইনেলত বাৰবোৰাই পৰাস্ত কৰিলে ৰাছিয়াৰ এনাষ্টেচিয়া পাভলিচেনকোভাক। ৩৩ সংখ্যক বাছনিৰ বাৰবোৰাই পাভলিচেনকোভাক ৬-১, ২-৬, ৬-৪ ছেটৰ ব্যৱধানত পৰাস্ত কৰে। ২৫ বছৰীয়া বাৰবোৰা হৈছে হানা মেণ্ডলিকোভাৰ পাছত ফ্ৰেন্স অপেন জয় কৰা চেক খেলুৱৈ। ১৯৮১ চনত হানা মেণ্ডলিকোভাই দেশখনৰ হৈ শেষবাৰৰ বাবে জয় কৰিছিল ফ্ৰেন্স অপেন।

বাৰবোৰা ক্ৰেজচিকোভাৰ এই জয় ঈৰ্ষণীয়ই নহয় অনুকৰণীয়ও। ২০২০ চনত ফ্ৰেন্স অপেন আৰম্ভ হোৱাৰ সময়ত বাছনিৰ ১০০ গৰাকী খেলুৱৈৰ তালিকাতো নাম নাছিল বাৰবোৰা ক্ৰেজচিকোভাৰ। তাৰ পাছত এবছৰতে ৩৩ সংখ্যক স্থানলৈ উন্নীত হোৱাই নহয়, অভিলেখ ৰচি জয় কৰিলে ফ্ৰেন্স অপেনৰ খিতাপ।

আৰম্ভণিতে কিছু চাপত আছিল যদিও কম সময়তে নিজৰ আত্মবিশ্বাস ঘূৰাই আনিবলৈ সক্ষম হৈছিল বাৰবোৰা ক্ৰেজচিকোভাই। পাভলিচেনকোভাই দ্বিতীয় ছেট দখল কৰিবলৈ সক্ষম হলেও তৃতীয় ছেটত হাৰ মানিলে ক্ৰেজচিকোভাৰ ওচৰত।

উল্লেখ্য যে এইবাৰ ফ্ৰেন্স অপেনৰ মহিলাৰ ছিংগলছত শীৰ্ষ বাছনিৰ এছলে বাৰ্টীয়ে দ্বিতীয় ৰাউণ্ডৰ পৰাই বিদায় লৈছিল। চতুৰ্থ ৰাউণ্ডত নক আউট হৈছিল ছেৰেণা উইলিয়ামছ। দ্বিতীয় বাছনিৰ নাওমি ওছাকাই এখন খেলৰ পাছতে নাম প্ৰত্যাহাৰ কৰিছিল।
Published by: Manjumoni Borah
First published: June 12, 2021, 10:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি