শৈশৱত ৰামায়ণ আৰু মহাভাৰত শুনিছিল বাৰাক অ’বামাই, লিখিলে নিজৰ গ্ৰন্থত

News18 Assam | News18-Assam
Updated:November 17, 2020, 2:10 PM IST
শৈশৱত ৰামায়ণ আৰু মহাভাৰত শুনিছিল বাৰাক অ’বামাই, লিখিলে নিজৰ গ্ৰন্থত
অ’বামাই ‘এ প্ৰ’মিজড লেণ্ড’ নামৰ গ্ৰন্থখনত ভাৰতৰ প্ৰতি থকা আকৰ্ষণৰ কথা উল্লেখ কৰিছে।

অ’বামাই ‘এ প্ৰ’মিজড লেণ্ড’ নামৰ গ্ৰন্থখনত ভাৰতৰ প্ৰতি থকা আকৰ্ষণৰ কথা উল্লেখ কৰিছে।

  • Share this:
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই কয় যে তেওঁ শৈশৱত ইণ্ডোনেছিয়াত কটোৱা সময়ত হিন্দু মহাকাব্য ৰামায়ণ আৰু মহাভাৰতৰ বাণী শুনিছিল, সেইবাবে তেওঁৰ মনত ভাৰতৰ প্ৰতি বিশেষ স্থান আছে। অ’বামাই ‘এ প্ৰ’মিজড লেণ্ড’ নামৰ গ্ৰন্থখনত ভাৰতৰ প্ৰতি থকা আকৰ্ষণৰ কথা উল্লেখ কৰিছে। তেওঁ কয়, ‘‘হ’ব পাৰে যে এয়া ভাৰতৰ আকাৰ, যিয়ে বিশ্বৰ জনসংখ্যাৰ ৬ অংশ থাকে, য’ত প্ৰায় দুই হাজাৰ বিভিন্ন সম্প্ৰদায় থাকে আরু য’ত সাত শৰো অধিক ভাষাত কোৱা হয়।’ অ’বামাই কয় যে তেওঁ ২০১০ত ৰাষ্ট্ৰপতি হিচাপে ভাৰত ভ্ৰমণ কৰিছিল আৰু তাৰ পূৰ্বে কেতিয়াও ভাৰতলৈ অহা নাছিল। তেওঁ কয়, ‘কিন্তু এই দেশখনৰ প্ৰতি মোৰ কল্পনাত বিশেষ স্থান আছে।’

অ’বামাই কয়, ‘ইয়াৰ এটা কাৰণ এয়াও হ’ব পাৰে যে ইণ্ডোনেছিয়াত নিজৰ শৈশৱৰ কিছু অংশ মই হিন্দু মহাকাব্য ৰামায়ণ আৰু মহাভাৰতৰ কথা শুনি কটাইছো বা ইয়াৰ বাবে পূৰ্বৰ ধৰ্মত মোৰ ৰুচি থাকিব পাৰে বা ইয়াৰ কাৰণ কলেজৰ মোৰ পাকিস্তানী আৰু ভাৰতীয় বন্ধুসকল। যিয়ে মোক দাইল আৰু কীমা বনাবলৈ শিকাইছিল আৰু মোক বলীউদৰ ছবি দেখুৱাইছিল।’

‘এ প্ৰ’মিজড লেণ্ড’ত অ’বামাই ২০০৮ৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পৰা ৰাষ্ট্ৰপতিৰূপে নিজৰ প্ৰথম কাৰ্যকালৰ অন্তত এবটাবাদ (পাকিস্তান)ত অল কায়দাৰ মুৰব্বী অছামা বিন লাডেনক হত্যালৈ নিজৰ যাত্ৰীৰ বিৱৰণ দিছে। এই কিতাপখনৰ দ্বিতীয় খণ্ডও প্ৰকাশ পাব।

অ’বাই লগতে আৰু উল্লেখ কৰে যে ভাৰতৰ প্ৰতি তেওঁৰ আকৰ্ষণৰ মূল কাৰণ মহাত্মা গান্ধী। অ’বামাই লিখিছে যে ভাৰতৰ প্ৰতি মোৰ আকৰ্ষণৰ সকলোতকৈ ডাঙৰ কাৰণ মহাত্মা গান্ধী। আব্ৰাহাম লিংকন, মাৰ্টিন লুথাৰ আৰু নেলচন মেণ্ডেলাৰ লগতে গান্ধীয়েও মোৰ চিন্তাধাৰাত প্ৰভাৱ পেলাইছিল।
Published by: Sanjay Kumar Das
First published: November 17, 2020, 2:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading