মনমোহন সিং এগৰাকী অসাধাৰণ প্ৰজ্ঞা, শালীনতাবোধ সম্পন্ন, চিন্তাশীল আৰু সৎ ব্যক্তি - অ’বামাৰ গ্ৰন্থত ড০ মনমোহন সিঙক ভূয়সী প্ৰশংসা

News18 Assam | News18-Assam
Updated:November 17, 2020, 5:16 PM IST
মনমোহন সিং এগৰাকী অসাধাৰণ প্ৰজ্ঞা, শালীনতাবোধ সম্পন্ন, চিন্তাশীল আৰু সৎ ব্যক্তি - অ’বামাৰ গ্ৰন্থত ড০ মনমোহন সিঙক ভূয়সী প্ৰশংসা
মহাত্মা গান্ধীৰ জীৱনে তেওঁক কেনেদৰে প্ৰভাৱিত কৰিছিল এই সন্দৰ্ভতো বিস্তৃত বৰ্ণনা আগবঢ়াইছে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।

মহাত্মা গান্ধীৰ জীৱনে তেওঁক কেনেদৰে প্ৰভাৱিত কৰিছিল এই সন্দৰ্ভতো বিস্তৃত বৰ্ণনা আগবঢ়াইছে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।

  • Share this:
ৰাহুল গান্ধীৰ বিষয়বস্তু আয়ত্ত কৰিবলৈ দক্ষতা আৰু ধাউতিৰ অভাৱ বুলি কোৱাৰ বিপৰীতে কিন্তু প্ৰাক্তন মার্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই নিজ গ্ৰন্থত ভূয়সী প্ৰশংসা কৰিছে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ। অ’বামাই তেওঁৰ সদ্য প্রকাশিত আত্মজীৱনীমূলক গ্ৰন্থ ‘A Promised Land'ত  মনমোহন সিঙক অসাধাৰণ প্ৰজ্ঞা আৰু শালীনতাৰ অধিকাৰী হিচাপে অভিহিত কৰিছে। ২০১০ চনৰ প্রাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰথমটো ভাৰত ভ্ৰমণৰ পিছত দুয়োৰে মাজত আন্তৰিক আৰু ফলপ্ৰসূ সম্বন্ধ গঢ়ি উঠিছিল বুলিও উল্লেখ কৰিছে অ’বামাই।

ড০ মনমোহন সিঙৰ বিষয়ে বিস্তৃতভাৱে বৰ্ণনা কৰি তেওঁ লিখিছে – মাৰ্জিত, মৃদুভাষী ৭০ৰ ঊৰ্ধ্বৰ অৰ্থনীতিবিদগৰাকীৰ বগা দাঢ়ি আৰু পাগুৰীয়ে তেওঁৰ শিখ ধৰ্মৰ প্ৰতি থকা আনুগত্য প্ৰকাশ কৰে আৰু পশ্চিমীয়া দৃষ্টিকোণৰ পৰা তেওঁ সেইজন পবিত্ৰ পুৰুষ যি ৯০ৰ দশকত দেশৰ বিত্তমন্ত্ৰীৰ দায়িত্ব লৈ কোটি-কোটি জনতাক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিছিল।

অৱশ্যে মুম্বাই আক্ৰমণৰ পিছত মনমোহন সিঙৰ পাকিস্তানৰ বিৰুদ্ধে তৎক্ষণাত একো পদক্ষেপ গ্ৰহণ নকৰাৰ সিদ্ধান্তই তেওঁক ৰাজনৈতিকভাৱে ক্ষতি কৰিছিল বুলি মন্তব্য কৰিছে অ’বামাই। তেওঁ লিখিছে – দেশত বৰ্ধিত মুছলমানবিৰোধী মানসিকতাই বিজেপিক শক্তিশালীৰ কৰাৰ আশংকাত ভুগিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। সিঙৰ মতে, ধৰ্মীয় ঐক্যৰ আহ্বান বিষাক্ত; এনে উন্মাদনাক ৰাজনৈতিক নেতাই ব্যৱহাৰ কৰাটো অতি সহজ কথা। ড০ মনমোহন সিং যে এগৰাকী জ্ঞানী, চিন্তাশীল আৰু সৎ প্ৰধানমন্ত্ৰী আছিল সেই কথা কিন্তু অকপটে স্বীকাৰ কৰিছে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।

প্ৰাক্তন মার্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ বিষয়েও বিস্তৃতভাৱে বৰ্ণনা কৰিছে। তেওঁ কৈছে – যদিও তেওঁ প্ৰথমবাৰৰ কাৰণে ২০১০ চনত ভাৰতলৈ আহিছিল; কিন্তু তেওঁৰ মন মগজুত ভাৰতৰ কাৰণে এক বিশেষ স্থান আছিল। তাৰ কাৰণ তেওঁ দেশখনৰ বৃহৎ জনসংখ্যা, ২০০০ৰ অধিক নৃগোষ্ঠীয় গোট, ৭০০ৰ অধিক ভাষা বুলি অভিহিত কৰিছে। শৈশৱত ইণ্ডোনেছিয়াত থাকোতে তেওঁ ৰামায়ণ আৰু মহাভাৰত পাঠ শুনাৰো সৌভাগ্য হৈছিল বুলি উল্লেখ কৰিছে। কলেজত বন্ধুত্ব গঢ়ি উঠা ভাৰত আৰু পাকিস্তানৰ শিক্ষাৰ্থীৰ যোগেদি তেওঁ ভাৰত উপ–মহাদেশৰ খাদ্য সম্ভাৰ আৰু বলীউডৰে পৰিচয় ঘটিছিল বুলিও গ্ৰন্থখনত উল্লেখ কৰিছে।

মহাত্মা গান্ধীৰ জীৱনে তেওঁক কেনেদৰে প্ৰভাৱিত কৰিছিল এই সন্দৰ্ভতো বিস্তৃত বৰ্ণনা আগবঢ়াইছে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁ ভাৰতীয় সমাজ ব্যৱস্থাৰ কঠোৰ সমালোচনাও কৰিছে। তেওঁ লিখিছে – ভাৰতীয় সমাজ ব্যৱস্থাৰ প্ৰতিটো স্তৰত ধনী-দুখীয়াৰ ব্যৱধান দৃষ্টিকটু আৰু বৈষম্য তথা সংঘৰ্ষ ৰাজহুৱা তথা ব্যক্তিগত পৰিসৰত বিৰাজমান।

কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ সন্দৰ্ভতো বিৱৰণ আগবঢ়াইছে অ’বামাই। তেওঁ লিখিছে – “৬০ৰ ঊৰ্ধ্বৰ ছোনিয়া গান্ধী এগৰাকী চকুত পৰা মহিলা; মই যেতিয়া প্ৰথমবাৰ লগ পাইছিলোঁ তেওঁ শাৰী পৰিধান কৰি আছিল আৰু তেওঁৰ আত্মবিশ্বাসী চকুযুৰিৰে ৰাজকীয় উপস্থিতি অনুভূত হৈছিল।"

উল্লেখযোগ্য যে গ্ৰন্থখনত তেওঁ প্ৰথমবাৰ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ছোৱাৰ কথা লিপিবদ্ধ কৰিছে। সেয়ে গ্ৰন্থখনত তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ পৰম বন্ধু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ বিষয়ে একো কথা লিখা নাই।
Published by: Sanjay Kumar Das
First published: November 17, 2020, 5:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading