NRC ভাৰতৰ আভ্যন্তৰীণ বিষয়; তালিকাত বাংলাদেশী ওলালে আমি ঘূৰাই ল’মঃ বাংলাদেশ

News18 Assam | News18-Assam
Updated:March 26, 2021, 4:29 PM IST
NRC ভাৰতৰ আভ্যন্তৰীণ বিষয়; তালিকাত বাংলাদেশী ওলালে আমি ঘূৰাই ল’মঃ বাংলাদেশ
হাচিনাৰ  বিদেশ পৰিক্ৰমা উপদেষ্টা গৌহৰ ৰিজভীয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ।

হাচিনাৰ  বিদেশ পৰিক্ৰমা উপদেষ্টা গৌহৰ ৰিজভীয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাংলাদেশ ভ্রমণৰ সময়ছোৱাত দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাৰ বিদেশ পৰিক্ৰমা উপদেষ্টা গৌহৰ ৰিজভীয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ।

দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি মতে, প্ৰধানমন্ত্ৰীৰ উপদেষ্টাগৰাকীয়ে অসমৰ নাগৰিক পঞ্জীৰ উন্নীতকৰণ ভাৰতৰ আভ্যন্তৰীণ বিষয় হিচাপে আখ্যা দিছে । তেওঁ কয় – “NRC ভাৰতৰ আভ্যন্তৰীণ বিষয়, গতিকে এই বিষয় দ্বিপাক্ষিক আলোচনাত বাংলাদেশে উত্থাপন কৰাৰ প্ৰশ্নই নুঠে। যদিহে দাবী কৰা ধৰণে অতি কম সংখ্যক প্ৰকৃত বাংলাদেশী ওলাই পৰে আমি তেওঁলোকক ঘূৰাই ল’ম। আমাৰ দেশৰ আইন ব্যৱস্থাৰ যোগেদি আমি যদি পতিয়ন যাও যে, সেই সকল আমাৰ দেশৰ নাগৰিক, তেতিয়া আমি তেওঁলোকক স্বদেশলৈ ঘূৰাই আনিম। “ তেওঁ লগতে কয় – “আমি আশা কৰো ভাৰতে যাতে কোনো ধৰণৰ বলপূৰ্বক পদক্ষেপ গ্ৰহণ নকৰে।“

আজি দুদিনীয়া ভ্ৰমণসূচীৰে বাংলাদেশত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী। বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী আৰু বাংলাদেশৰ মুক্তিৰ সোণালী জয়ন্তী উদযাপন সমাৰোহত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে চুবুৰীয়া দেশখনলৈ গৈছে  প্ৰধানমন্ত্ৰী মোদী।

আজিৰ দিনটোতে (মার্চ ২৬) ১৯৭১ চনত শ্বেখ মুজিবুৰ ৰহমান পাকিস্তানৰ ‘অপ-শাসনৰ’ পৰা মুক্তি বিচাৰি স্বাধীন বাংলাদেশ ঘোষণা কৰিছিল । মার্চৰ ২৫ তাৰিখে পাকিস্তানৰ ৰাষ্ট্ৰপতি জেনেৰেল য়াহ য়াহ খানে তেতিয়াৰ পূব পাকিস্তানত সামৰিক অভিযান ঘোষণা কৰিছিল। পাকিস্তানৰ সৈন্যৰ অত্যাচাৰ সহিব নোৱাৰি প্ৰায় এক কোটি বাঙালী লোক ভাৰতলৈ পলায়ন কৰিছিল। ফলত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পৃষ্ঠপোষকতাত ভাৰত জড়িত হৈ পৰিছিল বাংলাদেশৰ মুক্তি যুদ্ধত। পাকিস্তানৰ সৈন্যৰ সৈতে পূব পাকিস্তানত সমুখ সমৰত নামি পৰিছিল ভাৰতীয় সৈন্য। ভাৰতীয় সৈন্যৰ পৰাক্ৰমৰ সন্মুখত তিষ্ঠিব নোৱাৰি ১৯৭১ চনৰ ১৬ ডিচেম্বৰত ৯০ হাজাৰ পাকিস্তানী সেনাই ঢাকাত আত্ম-সমৰ্পন কৰিছিল আৰু স্বাধীন বাংলাদেশৰ পথ প্ৰশস্ত হৈছিল। এই যুদ্ধত প্ৰায় চাৰি হাজাৰ ভাৰতীয় সৈন্য শ্বহীদ হৈছিল ।

শ্বেইখ মুজিবুৰৰ স্বাধীন দেশৰ ঘোষণাৰ দিনটোকে বাংলাদেশে স্বাধীনতা দিৱস হিচাপে উদযাপন কৰে । উল্লেখযোগ্য যে, ১৯৭৫চনৰ ১৫ আগষ্টৰ দিনাখন ৰাষ্ট্ৰ প্ৰধান শ্বেইখ মুজিবুৰ আৰু তেওঁৰ সমস্ত পৰিয়ালৰ সদস্যক হত্যা কৰা হৈছিল । মুজিবুৰ কন্যা বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাচিনা সেই দিনা বিদেশত  আছিল কাৰণে প্ৰাণ ৰক্ষা পৰিছিল ।
Published by: Himangshu Bhuyan
First published: March 26, 2021, 4:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি