ভয়ংকৰ ৰে’ল দূৰ্ঘটনা, নিশা শুই থাকোতেই দুৰ্ভাগ্যজনকভাবে মৃত্যুক আঁকোৱালি ল’লে বহু যাত্ৰীয়ে

News18-Assam
Updated:November 12, 2019, 8:32 PM IST
ভয়ংকৰ ৰে’ল দূৰ্ঘটনা, নিশা শুই থাকোতেই দুৰ্ভাগ্যজনকভাবে মৃত্যুক আঁকোৱালি ল’লে বহু যাত্ৰীয়ে
Source-CNN

বাংলাদেশত সংঘটিত হৈছে ভয়ংকৰ ৰে’ল দূৰ্ঘটনা

  • Share this:
বাংলাদেশত সংঘটিত হৈছে ভয়ংকৰ ৰে’ল দূৰ্ঘটনা। মঙলবাৰে বাংলাদেশৰ ব্ৰাহ্মনবাৰিয়া জিলাত সংঘটিত হোৱা এই ভয়ংকৰ ৰে’ল দূৰ্ঘটনাত প্ৰাণ হেৰুৱাই কমেও ১৬ জন লোকে। দূৰ্ঘটনাত গুৰুতৰ ভাবে আহত হৈছে  প্ৰায় অৰ্ধ শতাধিক লোকৰ। মঙলবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত দুখন ৰে’লৰ মুখামুখি সংঘৰ্ষ হয়। উল্লেখযোগ্য যে, নিশা যাত্ৰী শুই থাকোতেই দুৰ্ভাগ্যজনক ভাবে মৃত্যুক আকোৱালি লয় বহুকেইজন যাত্ৰীয়ে। উল্লেখযোগ্য যে, ভূল তথ্যৰ বাবে  ঢাকা আৰু চিতাগং-গামী দুয়োখন ৰে’ল একেটা ট্ৰেকতে চলি আছিল। ফলত দুয়োখন ৰে’লে মুখামুখিকৈ খুন্দা মাৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি