বাংলাদেশ ক্ৰিকেট দলত মোক্ষম আঘাত, অলৰাউণ্ডাৰ ছাকিব অল হাছানক দুবছৰৰ বাবে নিষিদ্ধ কৰিলে ICC–এ

News18-Assam
Updated:October 29, 2019, 7:19 PM IST
বাংলাদেশ ক্ৰিকেট দলত মোক্ষম আঘাত, অলৰাউণ্ডাৰ ছাকিব অল হাছানক দুবছৰৰ বাবে নিষিদ্ধ কৰিলে ICC–এ
আইচিচিৰ এণ্টি কৰাপচন ইউনিটৰ তিনিটা নিয়ম উলংঘা কৰাৰ কথা স্বীকাৰ কৰাৰ পিছতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়।

আইচিচিৰ এণ্টি কৰাপচন ইউনিটৰ তিনিটা নিয়ম উলংঘা কৰাৰ কথা স্বীকাৰ কৰাৰ পিছতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়।

  • Share this:
বাংলাদেশ ক্ৰিকেট দলত মোক্ষম আঘাত। দলটোৰ তাৰকা অলৰাউণ্ডাৰ ছাকিব অল হাছানক দুবছৰৰ বাবে সকলো ক্ৰিকেট মেচত নিষিদ্ধ কৰিলে ICC–এ। মেচ ফিক্সিঙৰ অফাৰ পোৱাৰ কথা লুকুওৱাৰ অভিযোগত নিষিদ্ধ কৰা হৈছে ছাকিবক। বাংলাদেশৰ টেষ্ট আৰু টি–২০ দলৰ অধিনায়ক ছাকিব অল হাছানে আইচিচিৰ এণ্টি কৰাপচন ইউনিটৰ তিনিটা নিয়ম উলংঘা কৰাৰ কথা স্বীকাৰ কৰাৰ পিছতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়।

ছাকিবে শেহতীয়াকৈ সমাপ্ত হোৱা আইচিচি ক্ৰিকেট বিশ্বকাপ ২০১৯ত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত তৃতীয় স্থানত আছিল। আই চি চিয়ে ছাকিবৰ দুবছৰৰ নিষেধাজ্ঞাৰ এবছৰ স্থগিত ৰাখিছে। সেয়েহে ২০২০ চনৰ ২৯ অক্টোবৰৰ পৰা তেওঁ পুনৰ খেলিব পাৰিব।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: October 29, 2019, 7:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading