ৰহিংগীয়া শৰণাৰ্থীক সাগৰৰ মাজৰ অজান দ্বীপলৈ প্ৰেৰণ বাংলাদেশৰ!

News18 Assam | News18-Assam
Updated:December 29, 2020, 1:37 PM IST
ৰহিংগীয়া শৰণাৰ্থীক সাগৰৰ মাজৰ অজান দ্বীপলৈ প্ৰেৰণ বাংলাদেশৰ!
এই দ্বীপটো বংগোপসাগৰৰ মাজত মাথোঁ দুই দশক পূৰ্বেহে উৎপত্তি হৈছিল। আৰু বাৰিষা কালি দ্বীপটো পানীত ডুব যায়।

এই দ্বীপটো বংগোপসাগৰৰ মাজত মাথোঁ দুই দশক পূৰ্বেহে উৎপত্তি হৈছিল। আৰু বাৰিষা কালি দ্বীপটো পানীত ডুব যায়।

  • Share this:

ম্যানমাৰৰ পৰা ধৰ্মীয় উন্মাদনাৰ বলি হৈ পলায়ন কৰি বাংলাদেশত আশ্ৰয় লৈ থকা ৰহিংগীয়া শৰণাৰ্থীক সাগৰৰ মাজৰ এটা অজান দ্বীপত পুনৰ সংস্থাপন দিয়াৰ পৰিকল্পনা হাতত লৈছে চুবুৰীয়া বাংলাদেশ চৰকাৰে। Associate Pressত প্ৰকাশ পোৱা বাতৰি অনুসৰি, সোমবাৰে ইতিমধ্যে ৩০খন বাছত প্ৰায় ১৫০০ শৰণাৰ্থীক কক্স বজাৰস্থিত শিবিৰৰ পৰা চট্টগ্ৰামলৈ লৈ যোৱা হৈছে। তাৰ পৰা প্ৰায় ৩৪ কিলোমিটাৰ নিলগত সাগৰৰ মাজত থকা ভাষান চৰ দ্বীপলৈ এইসকল লোকক মটৰ সঞ্চালিত নাৱৰে লৈ যোৱা হ’ব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে, শৰণাৰ্থীসকল স্ব-ইচ্ছাই সেই স্থানত নতুন জীৱন আৰম্ভ কৰিবলৈ গমন কৰিছে। উল্লেখযোগ্য যে এই দ্বীপটো বংগোপসাগৰৰ মাজত মাথোঁ দুই দশক পূৰ্বেহে উৎপত্তি হৈছিল। আৰু বাৰিষা কালি দ্বীপটো পানীত ডুব যায়। বাংলাদেশ কৰ্তৃপক্ষই জনোৱা মতে, দ্বীপটোৰ চাৰিওদিশে বান্ধ নিৰ্মাণ কৰা হৈছে। দ্বীপটো জনবসতি হীন আৰু শৰণাৰ্থীসকলেই প্ৰথম ইয়াত বিচৰণ কৰিব। মানৱ অধিকাৰ সংগঠনসমূহে চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে।

Published by: Sanjay Kumar Das
First published: December 29, 2020, 1:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading