বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ আব্দুল হামিদে মঙলবাৰে ধর্ষণকাৰীক মৃত্যুদণ্ড দিয়াৰ আইনক অনুমোদন জনায়। ‘Women and Children Repression Prevention Act’ত এক অধ্যাদেশৰ যোগেদি সংশোধনী আনি ধর্ষণকাৰীৰ শাস্তি মৃত্যুদণ্ড পর্যন্ত ধাৰ্য কৰা হৈছে। সোমবাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই জৰুৰীকালীন ভাৱে কেবিনেট বৈঠক আহ্বান কৰি অধ্যাদেশৰ যোগেদি এই সংশোধনী অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।
PTIৰ বাতৰি মতে, প্রধানমন্ত্রীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য ৰাখি কয়– ‘ধর্ষণকাৰী মানুহৰ শাৰীত নপৰে। বৰঞ্চ একো একোটা নৃশংস পশু। সেয়েহে আজিকালি নাৰী এনে নৃশংসতাৰ বলি হয়।’ তেওঁ লগতে কয় – ‘জাতীয় সংসদৰ অধিৱেশন এতিয়া চলি নথকাৰ কাৰণে এই নতুন আইন অধ্যাদেশৰ যোগেদি অনা হৈছে।’
উল্লেখযোগ্য যে, পূৰ্বতে দেশখনত ধৰ্ষণৰ সৰ্বাধিক শাস্তি আছিল আজীৱন কাৰাদণ্ড। অতি সম্প্রতি এগৰাকীৰ মহিলাৰ দলবদ্ধ ধৰ্ষণৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত প্ৰতিবাদ সাব্যস্ত হৈছিল সমগ্ৰ দেশখনতে। প্ৰতিবাদকাৰীয়ে ধর্ষণকাৰীক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰিছিল।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : October 14, 2020, 14:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|