চুবুৰীয়া বাংলাদেশত কোৰোণা ভাইৰাছ ডেল্টাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ মাজতে দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাচিনাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিছে আমৰ টোপোলা । কেৱল অসমৰ মুখ্যমন্ত্ৰীয়েই নহয় বাংলাদেশৰে গাত লাগি থকা উত্তৰ পূৰ্বাঞ্চলৰ আন তিনি ৰাজ্য মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰাইও লাভ কৰিছে এই উপহাৰ । ঢাকাৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক ডেইলী ষ্টাৰৰ মতে পশ্চিম বংগ, অসম, মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীলৈ বাংলাদেশৰ বিখ্যাত হৰিভঙা আমৰ টোপোলা প্ৰেৰণ কৰা হৈছে ।
প্ৰধানমন্ত্ৰী শ্বেইখ হাচিনাই ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীকো ২০০০ কিলোগ্ৰাম বাংলাদেশী আম উপহাৰ দিছে । দিল্লীৰ বাংলা উচ্চ আয়ুক্ত কাৰ্যালয়ৰ যোগেদি দুয়োটা উপহাৰ গ্ৰহণ কৰিছে বুলি গম পোৱা গৈছে । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে লাভ কৰিছে ৩০০ কিলোগ্ৰাম আম ।
উল্লেখযোগ্য যে, বাংলাদেশত হৰিভঙা, গোপালভোগ, হিমসাগৰ, লোংৰা, অম্ৰপালি, ফজলি, মোহনভোগ আদি আম প্ৰচুৰ পৰিমাণে উৎপাদন হয় । এই সন্দৰ্ভত দেশখনৰ বিদেশ মন্ত্ৰী এ কে আব্দুল মমিনে সংবাদ মাধ্যমত কয় “বাংলাদেশত প্ৰচুৰ পৰিমাণে আম উৎপাদন হয়; আৰু বাংলাদেশৰ আম বৰ মিঠা । গতিকে দেশৰ স্বাধীনতাৰ সোণালী জয়ন্তীত আৰু বংগবন্ধুৰ জন্ম শতবাৰ্ষিকীত আমাৰ মিঠা আমৰ সোৱাদ আৰু কুশলবাৰ্তা বন্ধু ৰাষ্ট্ৰ সমূহৰ মাজত বিলাব বিচাৰিছোঁ ।“
বাংলাদেশে “মিঠা আম” ভূটান, নেপাল, শ্ৰীলংকা, মালদ্বীপ, ছৌদি আৰৱ, সংযুক্ত আৰৱ এমিৰেট, বাহৰেইন, কুৱেইট আৰু জৰ্ডানলৈও প্ৰেৰণ কৰিছে । এনে পৰিস্থিতিত দেশখনৰ এই আম কেন্দ্ৰিক কূটনীতিক পৰিপক্ক কূটনীতি বুলি অভিহিত কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|