• Home
  • »
  • News
  • »
  • world
  • »
  • Bangladesh Violence: বাংলাদেশত হিন্দু মন্দিৰত পুনৰ আক্ৰমণ, দুৰ্গাৰ পিছত এইবাৰ ইস্কনত আক্ৰমণ, ভক্তৰ অৱস্থা সংকটজনক

Bangladesh Violence: বাংলাদেশত হিন্দু মন্দিৰত পুনৰ আক্ৰমণ, দুৰ্গাৰ পিছত এইবাৰ ইস্কনত আক্ৰমণ, ভক্তৰ অৱস্থা সংকটজনক

এই সপ্তাহতে বাংলাদেশৰ কেইবাঠাইতো দুৰ্গা পূজাৰ পেণ্ডেলক লক্ষ্য কৰাৰ খবৰ পোৱা গৈছিল।

এই সপ্তাহতে বাংলাদেশৰ কেইবাঠাইতো দুৰ্গা পূজাৰ পেণ্ডেলক লক্ষ্য কৰাৰ খবৰ পোৱা গৈছিল।

এই সপ্তাহতে বাংলাদেশৰ কেইবাঠাইতো দুৰ্গা পূজাৰ পেণ্ডেলক লক্ষ্য কৰাৰ খবৰ পোৱা গৈছিল।

  • Share this:

বাংলাদেশত হিন্দু সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণ অব্যাহত আছে। শুকুৰবাৰে নোৱাখালি (Noakhali) অঞ্চলৰ ইস্কন মন্দিৰত (ISKCON) একাংশ উন্মাদ লোকে ভক্তসকলক আক্ৰমণ কৰি মন্দিৰ লণ্ডভণ্ড কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইস্কনে এই তথ্য টুইট কৰি জনায়।


এই সংঘাতত এজন ভক্তৰ অৱস্থা সংকটজনক আৰু মন্দিৰটোও বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।ইস্কনে টুইটত উল্লেখ কৰিছিল– "বাংলাদেশৰ নোৱাখালীত ইস্কন মন্দিৰ আৰু ভক্তসকলক হিংসাত্মকভাৱে আক্ৰমণ কৰা হৈছিল। মন্দিৰটো বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল আৰু এজন ভক্তৰ অৱস্থা সংকটজনক হৈ আছে।'


দেশৰ সংখ্যালঘুসকলে বাংলাদেশ চৰকাৰক সুৰক্ষা দিবলৈ আহ্বান জনাইছে। এই সপ্তাহতে বাংলাদেশৰ কেইবাঠাইতো দুৰ্গা পূজাৰ পেণ্ডেলক লক্ষ্য কৰাৰ খবৰ পোৱা গৈছিল। কোমিলা চহৰৰ দুৰ্গা পূজাৰ পেণ্ডেলত কোৰানক অপমান কৰা বুলি ছ'চিয়েল মিডিয়াত বাতৰি বিয়পি পৰাৰ পিছত হিংসাত্মক ঘটনা সংঘটিত হৈছিল।


উল্লেখ্য, এই সম্পৰ্কে শ্বেখ হাছিনাই অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও পুনৰ ইস্কন মন্দিৰত হিংসাত্মক ঘটনাই দেশখনত ক্ৰমান্বয়ে বাঢ়ি অহা অসহিষ্ণুতাকে বুজাইছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, হিংসাত্মক ঘটনাত লোকৰ মৃত্যু আৰু আহত হোৱাৰ পিছত ২২ খন জিলাত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছিল।


ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৃহস্পতিবাৰে কৈছিল যে বাংলাদেশ চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণত থকাটো নিশ্চিত কৰিবলৈ তৎক্ষণাৎ সঁহাৰি জনাইছে। কিন্তু ইয়াৰ মাজতে পুনৰ ইস্কন মন্দিৰত আক্ৰমণ সংঘটিত হৈছে।

Published by:Gautam Barman
First published: