অমিত শ্বাহৰ ‘নিজ দেশত খাবলৈ নাপায় ভাৰতলৈ আহে’ মন্তব্যত ক্ষুদ্ধ বাংলাদেশৰ বিদেশ মন্ত্ৰী

News18 Assam | News18-Assam
Updated:April 15, 2021, 4:02 PM IST
অমিত শ্বাহৰ ‘নিজ দেশত খাবলৈ নাপায় ভাৰতলৈ আহে’ মন্তব্যত ক্ষুদ্ধ বাংলাদেশৰ বিদেশ মন্ত্ৰী
ঢাকাৰ পৰা প্ৰকাশিত বাংলা দৈনিক ‘প্ৰথম আলো’ৰ আজিৰ সংস্কৰণত প্ৰকাশ পোৱা মতে বাংলা বিদেশ মন্ত্ৰী এ কে আব্দুল মমিনে শ্বাহৰ বাংলাদেশ সন্দৰ্ভত জ্ঞান সীমিত বুলি অভিহিত কৰে।

ঢাকাৰ পৰা প্ৰকাশিত বাংলা দৈনিক ‘প্ৰথম আলো’ৰ আজিৰ সংস্কৰণত প্ৰকাশ পোৱা মতে বাংলা বিদেশ মন্ত্ৰী এ কে আব্দুল মমিনে শ্বাহৰ বাংলাদেশ সন্দৰ্ভত জ্ঞান সীমিত বুলি অভিহিত কৰে।

  • Share this:
পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ মাজতে গৃহমন্ত্ৰী অমিত শ্বাহে বাংলাদেশ সন্দৰ্ভত কৰা মন্তব্যক সহজভাৱে ল’ব পৰা দেশখনৰ বিদেশ মন্ত্ৰীয়ে। বাংলাদেশৰ বিদেশ মন্ত্ৰী এ কে আব্দুল মমিনে বুধবাৰে শ্বাহৰ মন্তব্যক গ্ৰহণযোগ্য নহয় বুলি অভিহিত কৰে। তেওঁ লগতে কয় - ভাৰতৰ গৃহমন্ত্ৰীগৰাকীৰ দেশখনৰ সম্পর্কত জ্ঞান সীমিত; তেনে মন্তব্যই ভাৰত আৰু বাংলাদেশৰ মাজত ভুল বুজাবুজিৰ সূচনা কৰিব।

উল্লেখযোগ্য যে, অমিত শ্বাহে কলিকতাৰ পৰা প্ৰকাশিত এখন বাংলা দৈনিকত দিয়া এক সাক্ষাৎকাৰত বাংলাদেশত দুৰ্ভিক্ষৰ সন্মুখীন হৈ বহু লোকে ভাৰতলৈ পলায়ন কৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল। যোৱা দুই দশকত বাংলাদেশে অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট উন্নয়ন কৰিছে যদিও ইয়াৰ প্ৰভাৱ সীমান্ত অঞ্চলত পৰা নাই বুলিও মন্তব্য কৰে ভাৰতৰ গৃহমন্ত্ৰীগৰাকীয়ে।

ঢাকাৰ পৰা প্ৰকাশিত বাংলা দৈনিক ‘প্ৰথম আলো’ৰ আজিৰ সংস্কৰণত প্ৰকাশ পোৱা মতে বাংলা বিদেশ মন্ত্ৰী এ কে আব্দুল মমিনে শ্বাহৰ বাংলাদেশ সন্দৰ্ভত জ্ঞান সীমিত বুলি অভিহিত কৰে। মমিনে লগতে কয় – বাংলাদেশত ১ লক্ষতকৈ অধিক ভাৰতীয় নাগৰিকে কাম কৰি আছে; আৰু (কাম তথা খাদ্যৰ সন্ধানত) বাংলাদেশৰ লোক ভাৰতলৈ যোৱাৰ প্ৰয়োজন নাই। দুই দেশৰ অৰ্থনৈতিক আৰু সমাজিক উন্নয়নৰ এক তুলনামূলক খতিয়ান দি মমিনে কয় – বাংলাদেশত ৯০ শতাংশ লোকে আধুনিক শৌচাগাৰ ব্যৱহাৰ কৰে; ইয়াৰ বিপৰীতে ভাৰতত ৫০ শতাংশ লোকৰহে তেনে সুবিধা উপলব্ধ। দেশখনত কোনো লোকে দুৰ্ভিক্ষত মৰিব নালাগে বুলি দাবী কৰি মন্ত্ৰীগৰাকীয়ে কয় – ভাৰত সদৃশ বাংলাদেশত নিবনুৱা সমস্যাও নাই।

উল্লেখযোগ্য যে, ২০২০চনৰ Global Hunger Indexত ভাৰতৰ স্থান আছিল বাংলাদেশতকৈ তলত। সেই তালিকাত ভাৰতে ৯৪ সংখ্যক স্থান দশল কৰাৰ বিপৰীতে বাংলাদেশৰ স্থান আছিল ৭৫তম।
Published by: Sanjay Kumar Das
First published: April 15, 2021, 4:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি