ধৰ্ষণৰ অপচেষ্টা কৰা মছজিদৰ ইমামক হত্যা যুৱতীৰ, আদালতে যুৱতীক বিহিলে যাবজ্জীৱন কাৰাদণ্ড

Source-Google
মছজিদৰ কাষৰে যুৱতীগৰাকীক নিশা কোনো নথকাৰ সুযোগ লৈ যৌন কামনা পূৰণ কৰিবলৈ চেষ্টা কৰিছিল ইমামজনে।
- News18 Assam
- Last Updated: November 25, 2020, 11:16 PM IST
পিছত ইমামজনৰ ভাতৃ মহম্মদ নুৰুল হকে ঘটনাৰ সন্দৰ্ভত কুলিয়াৰচৰ থানাত দাখিল কৰিছিল এজাহাৰ। উল্লেখ্য যে, ২০১৬ চনৰ ১৪ আগষ্টৰ নিশা ইমাম জনৰ মৃতদেহ উদ্ধাৰ হৈছিল বাজৰা-চৌমাৰী ৰোডৰ এক স্থানত। পিছত ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি কোনাপাৰা গাঁৱৰ মইনা আক্তাৰ নামৰ যুৱতীগৰাকীৰ লগতে তেওঁৰ ভাতৃ মনিৰ হুছেইনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, মইনাই নিজৰ সতীত্ব ৰক্ষা কৰাৰ বাবে এডাল লোৰ ৰ’ডেৰে ইমাম মিজানুৰৰ মূৰত প্ৰচণ্ড জোৰেৰে কোব শোধাইছিল। পিছত যুৱতীগৰাকীয়ে ভাতৃৰ সহযোগত ইমাম জনৰ মৃতদেহ বস্তাত ভৰাই বাজৰা-চৌমাৰী ৰোডত পেলাই দিছিল।
২০১৬ৰ এই ঘটনাৰ এতিয়া ৰায় প্ৰদান কৰিছে বাংলাদেশৰ কিশোৰগঞ্জৰ আদালতে। ন্যায়াধীশ মহম্মদ আব্দুৰ ৰহিমে ইমাম জনক হত্যা কৰাৰ অপৰাধত মইনা আক্তাৰ নামৰ যুৱতীগৰাকীক যাবজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে ২ লাখ বাংলাদেশী টাকাৰ জৰিমনা বিহিছে। সেইদৰে ভাতৃক ৭ বছৰৰ কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টাকাৰ জৰিমনা বিহা হৈছে।