মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»বাংলাদেশত একাংশ উদণ্ডই ধ্বংস কৰিলে দুৰ্গাৰ প্ৰতিমা, আক্ৰমণ কৰিলে পূজা উদযাপন কৰা সংখ্যালঘু লোকক

বাংলাদেশত একাংশ উদণ্ডই ধ্বংস কৰিলে দুৰ্গাৰ প্ৰতিমা, আক্ৰমণ কৰিলে পূজা উদযাপন কৰা সংখ্যালঘু লোকক

News18 Assam | News18-Assam
Updated:October 14, 2021, 3:41 PM IST
বাংলাদেশত একাংশ উদণ্ডই ধ্বংস কৰিলে দুৰ্গাৰ প্ৰতিমা, আক্ৰমণ কৰিলে পূজা উদযাপন কৰা সংখ্যালঘু লোকক
দেশৰখনৰ হিন্দুসকলক পূজাৰ মাজতে আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে দেশখনৰ গৃহমন্ত্ৰী আছাদুজ্জামান খানে হস্তক্ষেপ কৰি পূজা মণ্ডপৰ নিৰাপত্তা বৃদ্ধি কৰিছে।

দেশৰখনৰ হিন্দুসকলক পূজাৰ মাজতে আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে দেশখনৰ গৃহমন্ত্ৰী আছাদুজ্জামান খানে হস্তক্ষেপ কৰি পূজা মণ্ডপৰ নিৰাপত্তা বৃদ্ধি কৰিছে।

  • Share this:
চুবুৰীয়া বাংলাদেশত অতি কমেও ৯টা পূজা মণ্ডপত একাংশ উদণ্ড লোকে ধ্বংস কৰিলে দুৰ্গাৰ প্ৰতিমা। বাংলাদেশৰ সংবাদ মাধ্যম আৰু বিভিন্ন টুইটাৰ হেণ্ডেলত প্ৰকাশ কৰা অনুসৰি, বাংলাদেশৰ কোমিলা জিলাৰ এখন পূজা মণ্ডপত দুৰ্বৃত্তই  আক্ৰমণ চলাই প্ৰতিমা ভাঙি পেলায়। কোৰাণক অপমানৰ কৰা এক উৰা বাতৰিৰ পৰাই আক্ৰমণৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে ।

স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, চান্দপুৰৰ হাজীগঞ্জ, চট্টগ্ৰামৰ বংশখলী, চাপাইনাৱাবগঞ্জৰ শিৱগঞ্জ, আৰু কক্স বজাৰৰ পেকুৱাটো অনুৰূপ ঘটনা সংগঠিত হয় চান্দপুৰৰ স্থানীয় চিকিৎসালয়েও ইতিমধ্যে গ্রহণ কৰিছে তিনিটা মৃতদেহ। এই তিনিজনৰ মৃত্যু উদণ্ড লোকৰ আক্ৰমণতে হোৱা বুলি সন্দেহ কৰা হৈছে ।

দেশৰখনৰ হিন্দুসকলক পূজাৰ মাজতে আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ  প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে দেশখনৰ গৃহমন্ত্ৰী আছাদুজ্জামান খানে হস্তক্ষেপ কৰি পূজা মণ্ডপৰ নিৰাপত্তা বৃদ্ধি কৰিছে। বাংলাদেশ ছাত্ৰ লীগৰ নেতৃত্বইও এই ঘটনাক গুৰুত্ব সহকাৰে লৈছে। আৰু যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়; সেয়া সুনিশ্চিত কৰিবলৈ ছাত্ৰ সংগঠনটোৰ শীর্ষ নেতৃত্বই দেশখনৰ প্ৰতিখন পূজা মণ্ডপত সংগঠনৰ সদস্য উপস্থিত থাকিবলৈ নির্দেশ দিছে ।  এইবাৰ বাংলাদেশত প্ৰায় ৩২,০০০টা স্থানত সাৰ্বজনীন দুৰ্গা পূজা উদযাপন হৈছে ।
Published by: Himangshu Bhuyan
First published: October 14, 2021, 3:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি