এইবাৰ 'ডুপ্লিকেট ফেচবুক' বনাই পেলালে বাংলাদেশী কোম্পানীয়ে, আইনী ব্যৱস্থা লোৱাৰ তৎপৰতা ফেচবুকৰ

News18 Assam | News18-Assam
Updated:November 20, 2020, 9:06 PM IST
এইবাৰ 'ডুপ্লিকেট ফেচবুক' বনাই পেলালে বাংলাদেশী কোম্পানীয়ে, আইনী ব্যৱস্থা লোৱাৰ তৎপৰতা ফেচবুকৰ
এই কথা বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা বেৰিষ্টাৰ ইছলামে ঢাকা ট্ৰিবিউনক জনাইছে।

এই কথা বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা বেৰিষ্টাৰ ইছলামে ঢাকা ট্ৰিবিউনক জনাইছে।

  • Share this:
এইবাৰ 'ডুপ্লিকেট ফেচবুক' বনাই পেলালে বাংলাদেশী কোম্পানীয়ে। ফলত এতিয়া ফেচবুক কৰ্তৃপক্ষ সাজু হৈছে ডুপ্লিকেট ফেচবুক বনোৱা বাংলাদেশী কোম্পানীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ।‘A1 Software Limited’ নামৰ কোম্পানীটোৱে সাইলাখ ফেচবুকৰ দৰে এটা ডমেইন সৃষ্টি কৰিছিল। যাৰ নাম দিছিল 'facebook.com.hd'।

এই কথা পোহৰলৈ অহাৰ পিছতে ফেচবুক কৰ্তৃপক্ষই নিম্ন আদালতত আইনী ব্যৱস্থা ল'বলৈ তৎপৰ হৈছে। ঢাকা ট্ৰিবিউনত প্ৰকাশ পোৱা মতে, ফেচবুকে ক্ষতিপূৰণ হিচাপে ৫০,০০০ আমেৰিকান ডলাৰ দাবী কৰিছে। কিন্তু ফেচবুকে দাবী কৰা ক্ষতি পূৰণক কেৰেপেই কৰা নাই বাংলাদেশৰ প্ৰতিষ্ঠানটোৱে। ফলত এতিয়া আইনী যুঁজ আৰম্ভ কৰিব বিচাৰিছে ফেচবুক কৰ্তৃপক্ষই।  এই কথা বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা বেৰিষ্টাৰ মকসুদুল ইছলামে ঢাকা ট্ৰিবিউনক জনাইছে।
Published by: Himangshu Bhuyan
First published: November 20, 2020, 9:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading